Hindusthan Samachar
Banner 2 शुक्रवार, जुलाई 20, 2018 | समय 12:04 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ধন আত্মসাতৰ অভিযোগত কামপুৰত গাণনিকক আটক

By HindusthanSamachar | Publish Date: May 18 2018 3:59PM
ধন আত্মসাতৰ অভিযোগত কামপুৰত গাণনিকক আটক
নগাওঁ, ১৮ মে’(হি.স.)। নগাওঁ জিলাৰ কামপুৰত আৰক্ষীয়ে আটক কৰিছে এজন গাণনিকক। নিশা কামপুৰৰ চিমলাই পথাৰত প্ৰৱঞ্চনাৰ অভিযোগত ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে ইউ বি আই বেংকৰ এজন গাণনিকক। জানিব পৰা অনুসৰি চিমলাই পথাৰস্থিত ইউ বি আইৰ অনুশাখা কেন্দ্ৰৰ গাণনিক মুবাৰক আলীক ধন আত্মসাতৰ অভিযোগত স্থানীয় ৰাইজে আটক কৰে আৰু পিছত আৰক্ষীক গতাই দিয়ে। গাণনিকজনে চি এছ পি একাউন্টৰ পৰা কোটি কোটি টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু ইয়াৰ ভিত্তিতে স্থানীয় ৰাইজে তেওঁক আটক কৰি আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে সম্প্ৰতি এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image