Hindusthan Samachar
Banner 2 सोमवार, मई 21, 2018 | समय 04:54 Hrs(IST) Sonali Sonali Sonali Singh Bisht

জম্মু-কাশ্মীৰ সীমান্তত পাকিস্তানৰ ভীষণ গুলীবৰ্ষণ, বিএছএফৰ জোৱানসহ নিহত ৫

By HindusthanSamachar | Publish Date: May 18 2018 4:01PM
জম্মু, ১৯ মে’ (হি.স.)ঃ জম্মু-কাশ্মীৰৰ পাকিস্তান সীমান্তৱৰ্তী এলেকাত পাকিস্তানী ৰেঞ্জাৰে যুদ্ধ বিৰতি উলংঘা কৰি শুকুৰবাৰে ভীষণ গুলীবৰ্ষণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ এদিন পূৰ্বে জম্মু জিলাৰ সীমান্তৱৰ্তী পহৰাদাৰী চকী আৰু বসতিপ্ৰধান এলেকালৈ লক্ষ্য কৰি চলোৱা এই গুলীবৰ্ষণৰ ঘটনাত এজন সীমান্ত সুৰক্ষা বাহিনী(বিএছএফৰ জোৱান শ্বহীদ হোৱাৰ লগতে আন চাৰিজন লোক নিহত হয়। ইয়াৰোপৰি ১২ জনৰো অধিক লোক আহত হয়। নিৰাপত্তা বাহিনীৰ সূত্ৰই সদৰি কৰামতে, বৃহস্পতিবাৰৰ নিশা প্ৰায় এক বজাৰ পৰাই পাক ৰেঞ্জাৰে জম্মুৰ আৰএছ পুৰা, বিষ্ণাহ আৰু আৰণিয়া এলেকাত লঘু আৰু গধুৰ অস্ত্ৰৰে ভীষণ গুলীবৰ্ষণ কৰে। পাক ৰেঞ্জাৰৰ নিৰ্বিচাৰ গুলীবৰ্ষণত বিএছএফৰ ১৯২ বেটেলিয়নৰ সীতাৰাম উপাধ্যায় নামৰ জোৱানজন গুৰুতৰ ভাৱে আহত হয়।... For More details Please login to Hindusthan Samachar
image