Hindusthan Samachar
Banner 2 बुधवार, सितम्बर 26, 2018 | समय 08:23 Hrs(IST) Sonali Sonali Sonali Singh Bisht

বৰমাত শোকাৱহ পথ দুৰ্ঘটনাত পুৰোহিতৰ মৃত্যু

By HindusthanSamachar | Publish Date: May 18 2018 1:59PM
বৰমাত শোকাৱহ পথ দুৰ্ঘটনাত পুৰোহিতৰ মৃত্যু
বাক্সা, ১৮ মে(হি.স.)।বাক্সা জিলাৰ বৰমাত আজি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক।লোকজন পেছাত এগৰাকী পুৰোহিত বুলি জানিব পৰা গৈছে।ঘটনাৰ বিৱৰণী অনুসৰি বৰমাৰ মাধপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। এখন বড়োলেণ্ড পৰিবহণ সেৱাৰ যাত্ৰীবাহী বাছে তীব্ৰ বেগেৰে আহি চাইকেলেৰে গৈ থকা এজন লোকক মহতিয়াই নিয়ে।ফলত চাইকেল আৰোহী লক্ষী শৰ্মা নামৰ পুৰোহিতজনৰ কৰুণ মৃত্যু ঘটে।নিহত লোকজনৰ ঘৰ টিহুৰ বালিত বুলি জানিব পৰা গৈছে।এই ঘটনাৰ খবৰ লাভ কৰিয়েই আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা এ এছ ১৬ চি ২০৫৫ নম্বৰৰ বাছখনো জব্দ কৰে।আৰক্ষীয়ে সম্প্ৰতি এই ঘটনাৰ সন্দৰ্ভত তদন্ত চলায় আছে বুলি জানিব পৰা গৈছে।ইফালে লক্ষী শৰ্মাৰ মৃত্যুত বালিত শোকৰ ছা পৰিছে। হিন্দুস্থান সমাচাৰ/আলোক.
image