Hindusthan Samachar
Banner 2 शुक्रवार, अप्रैल 19, 2019 | समय 21:47 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ধুমুহাত ৰাজ্যৰ বিস্তৰ ক্ষতিসাধন

By HindusthanSamachar | Publish Date: Apr 17 2019 8:12PM
ধুমুহাত ৰাজ্যৰ বিস্তৰ ক্ষতিসাধন
গুৱাহাটী, ১৭ এপ্ৰিল(হি.স.)ঃ ৰাজ্যখনত আজি বুধবাৰে পুৱতি নিশা জোকাৰি যোৱা ধুমুহাই বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন কৰে। প্ৰচণ্ড ধুমুহাই গছ-গছনি ভাগি পেলোৱাৰ লগতে ব্ৰজ্বপাতৰ ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেবাজনো লোক আহত হয়। বিহুৰ বতৰকে আজি বুধবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত অহা প্ৰচণ্ড ধুমুহাই ৰাজ্যৰ বিভিন্ন স্থানত ক্ষতিগ্ৰস্ত কৰাৰ বিষয়ে জানিব পৰা গৈছে। গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয় অতুল কুমাৰ সিঙে জানিবলৈ দিয়া মতে আজি পুৱতি নিশা প্ৰায় ৭০ কিলোমিটাৰ বেগত এই ধুমুহা পশ্চিমভাগৰ পৰা আহিছিল। ইফালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰটোৱে আজি নিশাৰ ভাগতো ৰাজ্যখনৰ বিভিন্ন এলেকাত ৫০ৰ পৰা ৭০ কিলোমিটাৰ গতিবেগত ধুমুহা-গাজনি-ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। কেন্দ্ৰটোৱে মৰিগাঁও, কাৰ্বি-আংলং, গোলাঘাট, ডিমা হাছাও, কাচাৰ, লক্ষিমপুৰ, চৰাইদেও, ডিব্ৰুগড়, তিনিচুকীয়া, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, কামৰূপ মহানগৰকে ধৰি দৰং, হোজাই, শোণিতপুৰ, হাইলাকান্দি, কৰিমগঞ্জ, যোৰহাট, মাজুলী, শিৱসাগৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বৰপেটা আৰু নলবাৰী জিলাতো ধুমুহা-গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। উল্লেখ্য যে বুধবাৰে পুৱতি নিশা জোকাৰি যোৱা ধুমুহাই ৰাজধানী গুৱাহাটীতো ব্যাপক ক্ষতিসাধন কৰে। মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহত ধুমুহাই গছ-গছনি ভাগি পেলোৱাৰ লগতে বহু ঠাইত বাসগৃহৰ টিং আদিও উৰুৱাই নিয়ে। ইফালে ধুমুহাৰ ফলত অঞ্চলটোত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে। ইফালে নিশাৰ বিধ্বংসী ধুমুহাই উৰুৱাই নিয়ে নুনমাটি বিহুৰ পেণ্ডেল। দৈৱক্রমে প্ৰাণ ৰক্ষা বিহুতলীত উপস্থিত থকা বহু লোকসকল। ধুমুহাৰ বাবে আধাতে সামৰিব লগা হয় বিহুৰ কাৰ্যসূচী। আনহাতে ধুমুহাৰ ফলত চানমাৰিতো বিস্তৰ ক্ষতিসাধন হয়। একেদৰে পূব গুৱাহাটী বিহু সন্মিলনীৰ পেণ্ডেলো ধুমুহাই তচনচ কৰে। ইফালে নগাঁৱৰ ৰাঙলুতো ধুমুহাত মহিলাসহ তিনিজন আহত হয়। আহত কেইজন মুছলিম আলী, মুজামুল আলী আৰু মমিনা খাতুন বুলি পৰিচয় পোৱা গৈছে। একেদৰে নিশাৰ প্ৰচণ্ড ধুমুহাত কামপুৰ, কচুৱা, কঠিয়াতলীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতিসাধন কৰে। ধুমুহাৰ ফলত অঞ্চলটোত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে। ইফালে, নগাঁও জিলাৰ জুৰিয়া, ধিং, বটদ্ৰৱাতো ধুমুহাই বাসগৃহকে ধৰি বিস্তৰ ক্ষতিসাধন কৰে। ইফালে, হাওৰাঘাট, বকলীয়াঘাটতো ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে। বকলীয়াঘাটৰ চূণপোৰা গাঁৱত বিধ্বংসী ধুমুহাত তচনচ হৈ পৰে কেবাটাও বাসগৃহ। গোৱালপাৰা জিলাৰ দুধনৈ, ৰংজুলি আদি অঞ্চলতো বিস্তৰ ক্ষতিসাধন হয়। ধুমুহাই উৰুৱাই নিলে পাটপাৰা নোৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ গৃহ। আনহাতে, কোকৰাঝাৰত বজ্ৰ পৰি এজন লোকৰ মৃত্যু। মৃত লোকজন মুনস্বৰগাঁৱৰ কলিপুত বসুমতাৰী বুলি জানিব পৰা গৈছে। ইফালে ৰাজ্যৰ দুৰ্যোগ প্ৰশমণ বিভাগে ৰাজ্যৰ ক্ষতিসাধন কৰা এলেকাসমূহৰ বুজ লোৱাৰ অৰ্থে যাৱতীয় ব্যৱস্থা কৰিছে। আনহাতে নিৰ্বাচনী বতৰত প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ এই সুযোগ গ্ৰহণ কৰি যাতে কোনোৱেই ভোটাৰসকলক প্ৰলোভিত কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে। হিন্দুস্থান সমাচাৰ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image