Hindusthan Samachar
Banner 2 शुक्रवार, अप्रैल 19, 2019 | समय 22:20 Hrs(IST) Sonali Sonali Sonali Singh Bisht

নেপালে নিক্ষেপ কৰিব প্ৰথমটো উপগ্ৰহ

By HindusthanSamachar | Publish Date: Apr 17 2019 8:12PM
নেপালে নিক্ষেপ কৰিব প্ৰথমটো উপগ্ৰহ
কাঠমাণ্ডু,১৭ এপ্ৰিল(হি.স.)। নেপালে বৃহস্পতি বাৰে আমেৰিকাৰ ভাৰ্জিনিয়াৰ পৰা দেশখনৰ প্ৰথমটো উপগ্ৰহ নেপালীচেট-১ নিক্ষেপ কৰিব। নেপালৰ সময় অনুসৰি, ২ বজাত উপগ্ৰহটো নিক্ষেপ কৰা হ’ব।সংবাদ পত্ৰ হিমালয়ান টাইম্সৰ মতে আমেৰিকাৰ কম্পেনী এটিকে ই এই উপগ্ৰহটো নিক্ষেপ কৰিব।উপগ্ৰহটোত নেপালৰ পতাকা আৰু নেপাল একাডেমী অফ চাইন্স আৰু টেকনোলজি ৰ প্ৰতীক অংকিত থাকিব। মুঠ ১.৩ কি.গ্ৰা. ওজনৰ এই উপগ্ৰহটি পৃথিৱীৰ কক্ষপথত উপস্থাপন কৰা হ’ব। ইয়াক পৃথিৱীৰ ওচৰৰ কক্ষপথত উপস্থাপন কৰা হ’ব যাৰ দূৰত্ব পৃথিৱীৰ পৰা মাত্ৰ ৪০০কি.মি. দূৰত্বত হ’ব। ই নেপালৰ ওপৰেৰে পৃথিৱীৰ কক্ষপথত মাত্ৰ পাঁচ মিনিট সময়েহে থাকিব। এই উপগ্ৰহটোৰ পৰা পোৱা ডাটা সমূহ সংগ্ৰহ কৰাৰ বাবে নেপালে গ্ৰাউণ্ড ষ্টেচন নিৰ্মাণ কৰি আছে। হিন্দুস্থান সমাচাৰ /সুপ্ৰভা /যুতিমণি/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image