Hindusthan Samachar
Banner 2 रविवार, अप्रैल 21, 2019 | समय 08:29 Hrs(IST) Sonali Sonali Sonali Singh Bisht

পূব ত্ৰিপুৰাত ১৮ ৰ সলনি ২৩ এপ্ৰিলত ভোটগ্ৰহণ, আইন-শৃংখলাৰ আইজিক অপসাৰণ

By HindusthanSamachar | Publish Date: Apr 17 2019 7:47PM
পূব ত্ৰিপুৰাত ১৮ ৰ সলনি ২৩ এপ্ৰিলত ভোটগ্ৰহণ, আইন-শৃংখলাৰ আইজিক অপসাৰণ
আগৰতলা, ১৭ এপ্ৰিল(হি.স.)ঃ ত্ৰিপুৰাৰ আইন-শৃংখলা জনিত সমস্যাৰ বাবে ৰাজ্যখনৰ নিৰ্বাচনী বিষয়াৰ তথ্যৰ ভিত্তিত নিৰ্বাচন আয়োগে পূব ত্ৰিপুৰাত ভোটগ্ৰহণ পিছুৱাই দিয়া হৈছে। পূব ত্ৰিপুৰা আসনখনত ১৮ এপ্ৰিলত ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও এতিয়া নিৰাপত্তাজনত কাৰণত নিৰ্বাচনৰ দিন পিছুৱাই দিয়া হৈছে। সেই অনুসৰি সমষ্টিটোত অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ইয়াৰ উপৰি নিৰ্বাচন আয়োগে ত্ৰিপুৰাৰ আইন-শৃংখলাৰ আইজি ৰাজীৱ সিঙকো অপসাৰণ কৰিছে। আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থতাৰ বাবেই অপসাৰণ ৰাজীৱ সিঙক। নিৰ্বাচন আয়োগে মঙলবাৰে নিশা এক নিৰ্দেশ জাৰি কৰি আইজিগৰাকীক অপসাৰণ কৰাৰ লগতে পূব ত্ৰিপুৰা আসনখনৰ ভোটগ্ৰহণ পিছুৱাই দিয়ে। ইফালে অপসাৰিত আই জি ৰাজীৱ সিঙৰ স্থানত এডিজি ভি এছ যাদৱক দায়িত্ব প্ৰদান কৰা হৈছে। এই খিনিতে উল্লেখ কৰিব পাৰি যে পূৱ ত্ৰিপুৰা সংসদীয় এলেকাৰ বিভিন্ন স্থানত জনসাধাৰণৰ বাসগৃহৰ সন্মুখত মুৰ্গীৰ কটা মূৰ ওলোমাই থোৱাৰ লগতে এই বিষয়ে পোষ্টাৰ আঁৰি ভোটদানৰ বিৰুদ্ধে সকীয়াই দিছিল। পোষ্টাৰত উল্লেখ কৰা হৈছিল যে যদিহে কোনো লোকে ভোটদান কৰে তেনেহলে সংশ্লিষ্ট লোকজনৰো একেই দশা হব। এনে ধৰণৰ ঘটনাৰ পিছতেই অঞ্চলটোত এক শংকাৰ পৰিৱেশ উদ্ভৱ হৈছিল। আনহাতে এই দুষ্কাৰ্য সংঘটিত কৰা দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। হিন্দুস্থান সমাচাৰ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image