Hindusthan Samachar
Banner 2 रविवार, अप्रैल 21, 2019 | समय 08:31 Hrs(IST) Sonali Sonali Sonali Singh Bisht

নগাঁৱৰ ৰাঙলুত ধুমুহাত মহিলাসহ আহত তিনিজন

By HindusthanSamachar | Publish Date: Apr 17 2019 7:30PM
নগাঁৱৰ ৰাঙলুত ধুমুহাত মহিলাসহ আহত তিনিজন
নগাঁও, ১৭ এপ্ৰিল(হি.স.)ঃ ৰাজ্যখনত আজি বুধবাৰে পুৱতি নিশা জোকাৰি যোৱা ধুমুহাই বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন কৰে। নগাঁৱৰ ৰাঙলুতো ধুমুহাত মহিলাসহ তিনিজন আহত হয়। আহত কেইজন মুছলিম আলী, মুজামুল আলী আৰু মমিনা খাতুন বুলি পৰিচয় পোৱা গৈছে। উল্লেখ্য যে নিশা প্ৰচণ্ড ধুমুহাত কামপুৰ, কচুৱা, কঠিয়াতলীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতিসাধন কৰে। ধুমুহাৰ ফলত অঞ্চলটোত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে। ইফালে, নগাঁও জিলাৰ জুৰিয়া, ধিং, বটদ্ৰৱাতো ধুমুহাই বাসগৃহকে ধৰি বিস্তৰ ক্ষতিসাধন কৰে। হিন্দুস্থান সমাচাৰ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image