Hindusthan Samachar
Banner 2 शुक्रवार, अप्रैल 19, 2019 | समय 22:14 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ছয়গাঁৱত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা বাতিল

By HindusthanSamachar | Publish Date: Apr 17 2019 7:24PM
ছয়গাঁৱত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা বাতিল
ছয়গাঁও, ১৭ এপ্ৰিল (হি.স.)ঃ ৰাজ্যত যোৱা নিশাৰ ভাগত অহা এজাক প্ৰচণ্ড ধুমুহাই বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন কৰে। ধুমুহাৰ ফলত গছ-গছনিকে ধৰি বিজুলী খুটি ভাঙি পেলোৱাকে ধৰি বিস্তৰ ক্ষয় হয়। ইফালে ধুমুহাই ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ অভিযানতো প্ৰভাৱ পেলাইছে। ধুমুহাত হোৱা বিস্তৰ ক্ষতিসাধনৰ বাবে বাতিল কৰা হৈছে নিৰ্বাচনী জনসভা। ছয়গাঁৱতো ধুমুহাৰ ফলত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা আজি বাতিল কৰা হয়। উল্লেখ্য যে এই সভাত মুকুল চাংমাৰ লগতে হৰিশ ৰাৱটেও অংশগ্ৰহণ কৰাৰ কথা আছিল। হিন্দুস্থান সমাচাৰ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image