Hindusthan Samachar
Banner 2 शुक्रवार, अप्रैल 19, 2019 | समय 21:47 Hrs(IST) Sonali Sonali Sonali Singh Bisht

গহপুৰৰ ১নং বৰতামুলীত গুলীসহ বন্দুক উদ্ধাৰ

By HindusthanSamachar | Publish Date: Apr 17 2019 7:19PM
গহপুৰৰ ১নং বৰতামুলীত গুলীসহ বন্দুক উদ্ধাৰ
শোণিতপুৰ, ১৭ এপ্ৰিল(হি.স.)ঃ শোণিতপুৰ জিলাৰ গহপুৰৰ আজি আৰক্ষীয়ে মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গহপুৰৰ ১নং বৰতামুলীত উদ্ধাৰ কৰা হয় গুলীসহ বন্দুক। চোৰাংচিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ কৰা হয় এই মাৰণাস্ত্ৰ। উল্লেখ্য যে ১৪ এপ্ৰিলত আৰক্ষীয়ে আটক কৰিছিল ৩ চোৰাংচিকাৰীক। ধৃত মুখেশ্বৰ কামান নামৰ চিকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত উপ–পৰিদৰ্শক নাৰায়ণ বৰুৱাৰ নেতৃত্বত অভিযান চলায়। অভিযানকালত ৩জাঁই সজীৱ গুলীসহ এটা ৩০৩ বন্দুক উদ্ধাৰ কৰে আৰক্ষীয়ে। হিন্দুস্থান সমাচাৰ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image