Hindusthan Samachar
Banner 2 शुक्रवार, अप्रैल 19, 2019 | समय 22:00 Hrs(IST) Sonali Sonali Sonali Singh Bisht

২০ এপ্ৰিলত অৰুণাচলৰ ১৯টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

By HindusthanSamachar | Publish Date: Apr 17 2019 7:13PM
২০ এপ্ৰিলত অৰুণাচলৰ ১৯টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ
ইটানগৰ, ১৭ এপ্ৰিল(হি.স.)ঃ অৰুণাচল প্ৰদেশৰ ১৯টা ভোটকেন্দ্ৰত অহা ২০ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ কৰা হ’ব। ৰাজ্যখনত যোৱা ১১ এপ্ৰিলত ৰাজ্যৰ দুটা লোকসভা আৰু ৫৭ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কৰা হৈছিল। ইয়াৰ ভিতৰত ১৯ টা ভোটকেন্দ্ৰত নিয়াৰিকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন নোহোৱাৰ বাবে নিৰ্বাচন আয়োগে অহা ২০ এপ্ৰিলত এই ভোটকেন্দ্ৰকেইটাত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে। ইফালে নিৰ্বাচনী আয়োগৰ নিৰ্দেশৰ পিছতেই ৰাজ্যৰ নিৰ্বাচনী বিষয়াই অহা ২০ এপ্ৰিলৰ পুৱা ৬ বজাৰ পৰাই ভোটগ্ৰহণ কৰিবলৈ নিৰ্ণয় লয়। ৰাজ্যখনৰ নিৰ্বাচনী বিষয়া কালিং তায়েঙে আজি এই কথা সদৰি কৰে। আনহাতে উক্ত ভোটকেন্দ্ৰসমূহৰ দায়িত্বত থকা ৰিটাৰ্ণিং বিষয়াকে ধৰি সংশ্লিষ্ট লোকসকলক নিৰ্ধাৰিত সময়ৰ আগেয়েই উক্ত ভোটকেন্দ্ৰসমূহত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে। প্ৰাপ্ত তথ্যমতে পূব কামেং জিলাৰ বমডিলাৰ ১৪নং নাছিবান কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। পূব কামেং জিলাৰ দুটা সমষ্টি ক্ৰমে বামেং আৰু চয়াংতাজ সমষ্টিৰ লগতে ৩৭নং জামোহ, ৪নং য়াংফ’, ৫নং তাগাম্ফু আৰু ২৪নং পিপু ভোটকেন্দ্ৰত হ’ব পুনৰ ভোটগ্ৰহণ কৰা হব। লৱাৰ শোৱণশিৰি জিলাৰ য়াছুলিৰ দুটা কেন্দ্ৰ ক্ৰমে ২নং দীদ আৰু পানিয়া ভোটকেন্দ্ৰ, আপাৰ সোৱণশিৰিৰ ২৪নং ডাপ’ৰিজোৰ ৩টা কেন্দ্ৰ ক্ৰমে ২১নং বেয়ৰ, ৪২নং লেয়া আৰু ৪৭নং ৰেবি, ডাম্পৰিজোৰ ৫নং নাছি কেন্দ্ৰত হ’ব পুনৰ ভোটগ্ৰহণ কৰা হব। ইয়াৰ উপৰি ৱেষ্ট কামেং জিলাৰ লিৰোমোবাৰ ১৪নং কামকি দেগ’ ভোটকেন্দ্ৰ, ২৮নং লিকাবালিৰ ২০নং ছগুমৰ লগতে ছিয়াং জিলাৰ ৩৫নং পাংগিন সমষ্টিৰ ৩৪নং মেছিং সমষ্টিৰ এটা কেন্দ্ৰৰ উপৰি নামছাইৰ ৩টা কেন্দ্ৰ ক্ৰমে ২৭নং ৱাগুনপথাৰ, ২৯নং নংটাও খামতি আৰু ৩০নং ৱিংচেং নংটাও কেন্দ্ৰত হ’ব পুনৰ ভোটগ্ৰহণ। হিন্দুস্থান সমাচাৰ/তাগু/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image