Hindusthan Samachar
Banner 2 गुरुवार, मार्च 21, 2019 | समय 21:47 Hrs(IST) Sonali Sonali Sonali Singh Bisht

হাইলাকান্দিৰ কুছিলা বজাৰত অগ্নিকাণ্ড

By HindusthanSamachar | Publish Date: Mar 17 2019 3:06PM
হাইলাকান্দিৰ কুছিলা বজাৰত অগ্নিকাণ্ড
হাইলাকান্দি, ১৭ মাৰ্চ(হি.স.)। হাইলাকান্দিৰ কুছিলা বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। হঠাতে বজাৰখনত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হোৱা প্ৰত্যক্ষ কৰি ব্যৱসায়ী তথা উপস্থিত জনতাৰ মাজত হুৱাদুৱা লাগে। স্থানীয় লোকে লগে লগে আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনীৰ লোকক এই খবৰ দিয়ে। পিছত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ইফালে লক্ষাধিক টকাৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত। অগ্নিকাণ্ডৰ ফলত এখন ট্ৰাকসহ দুখন দোকান জুইত ভস্মীভূত হয়। এই জুই কিদৰে লাগিল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই জুই লগা বুলি সন্দেহ কৰা হৈছে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image