Hindusthan Samachar
Banner 2 गुरुवार, मार्च 21, 2019 | समय 05:01 Hrs(IST) Sonali Sonali Sonali Singh Bisht

পেঙেৰীত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুলীসহ মেগজিন-সেনাৰ অভিযান অব্যাহত

By HindusthanSamachar | Publish Date: Mar 17 2019 3:02PM
পেঙেৰীত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুলীসহ মেগজিন-সেনাৰ অভিযান অব্যাহত
তিনিচুকীয়া, ১৭ মাৰ্চ(হি.স.)। তিনিচুকীয়াৰ পেঙেৰীত বৃহৎ পৰিমাণৰ গুলীসহ মেগজিন উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছৰে পৰাই সন্দেহযুক্ত উগ্ৰপন্থীৰ সন্ধানত সেনা-আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ইফালে এই সন্দৰ্ভত এতিয়ালৈকে অস্ত্ৰভাণ্ডাৰৰ এৰি যোৱা গোটটোৰ সন্ধান পোৱা নাই যদিও এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে আৰু অঞ্চলবাসী আতংকিত হৈ পৰিছে। উল্লেখ্য যে পেঙেৰী থানাৰ অন্তৰ্গত নলনীৰ এখন পথাৰত শনিবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় সামগ্ৰীখিনি। পুৱাৰ ভাগত গুলীসহ মেগজিন প্ৰত্যক্ষ কৰি এই বিষয়ে আৰক্ষীক অৱগত কৰোৱাৰ পিছত অভিযান চলাই সেনা আৰক্ষীয়ে জব্দ কৰে গুলীসহ মেগজিনকেইটা। অভিযানকাৰী দলে ৫৬ জাই সজীৱ গুলীৰ সৈতে তিনিটা মেগজিন উদ্ধাৰ কৰে। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে আৰু অঞ্চলবাসী আতংকিত হৈ পৰিছে। এই সন্দৰ্ভত গাওঁখনত সেনা আৰক্ষীয়ে সোধপোছ চলাইছে। আনহাতে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পেঙেৰীত এক বৃহৎ পৰিমাণ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কোনো উগ্ৰপন্থী সংগঠনে নিৰ্বাচনৰ পূৰ্বে অসমক পুনৰ অশান্ত কৰাৰ চেষ্টা কৰিছে নেকি তাক লৈও চৰ্চা অব্যাহত আছে। ইমান বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ কোনে অঞ্চলটোত মজুত ৰাখিছিল সেই সন্দৰ্ভতো চৰ্চা অব্যাহত আছে। আৰক্ষীয়ে এয়া আলফা তথা এন এছ চি এন আদি উগ্ৰপন্থী সংগঠনৰো অস্ত্ৰভাণ্ডাৰ হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।ইয়াৰো পৰি অঞ্চলটোত আশ্ৰয় লোৱা কোনো উগ্ৰপন্থী সদস্যৰ পৰাই এই অস্ত্ৰভাণ্ডাৰ পৰি যোৱা বুলিও সন্দেহ কৰা হৈছে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image