Hindusthan Samachar
Banner 2 बुधवार, मार्च 20, 2019 | समय 06:17 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ডবকাত মহিলাৰ মৃতদেহ উদ্ধাৰ

By HindusthanSamachar | Publish Date: Mar 17 2019 2:48PM
ডবকাত মহিলাৰ মৃতদেহ উদ্ধাৰ
হোজাই, ১৭ মাৰ্চ(হি.স.)। হোজাই জিলাৰ ডবকাত আজি দেওবাৰে এক মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ। জানিব পৰা অনুসৰি ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহটো। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে।আৰক্ষীৰ লোক পিছত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।মৃতদেহটো স্থানীয় ছুখীয়া গৌড়(৪৫)ৰ বুলি চিনাক্ত কৰা হৈছে। ইফালে ক্ষত বিক্ষত অৱস্থাত মৃতদেহটো উদ্ধাৰলৈ লক্ষ্য কৰি স্থানীয় লোক তথা আৰক্ষীয়ে এই ঘটনাতো এক হত্যাকাণ্ডৰ ঘটনা বুলি প্ৰাৰম্ভিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে। সন্দেহ কৰা হৈছে যে কোনো দুৰ্বিত্তই মহিলাগৰাকীক হত্যা কৰি দলঙৰ তলত তেনেদৰে পেলাই থৈ যায়।এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। হিন্দুস্থান সমাচাৰ/নাৰায়ণ/আলোক/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image