Hindusthan Samachar
Banner 2 गुरुवार, मार्च 21, 2019 | समय 21:01 Hrs(IST) Sonali Sonali Sonali Singh Bisht

পুনৰ পেট্ৰলৰ মূল্য বৃদ্ধি, ডিজেলৰ হ্ৰাস

By HindusthanSamachar | Publish Date: Mar 17 2019 2:52PM
পুনৰ পেট্ৰলৰ মূল্য বৃদ্ধি, ডিজেলৰ হ্ৰাস
গুৱাহাটী, ১৭ মাৰ্চ(হি.স.)। একেৰাহে চতুৰ্থ দিনাও অব্যাহত আছে ইন্ধনজাত সামগ্ৰী পেট্ৰলৰ মূল্যবৃদ্ধি। ইয়াৰ বিপৰীতে হ্ৰাস পাইছে ডিজেলৰ মূল্য। আজি দেওবাৰে মহানগৰীত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৮ পইচা বৃদ্ধি পোৱাৰ লগতে ডিজেলৰ দৰ ৯ পইচা হ্ৰাস পায়। সেই অনুসৰি আজি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য হয়গৈ ক্ৰমে পেট্ৰলত ৭২.২৮ টকা আৰু ডিজেলত ৬৭.৫৯ টকা। উল্লেখ্য যে শনিবাৰে পেট্ৰলৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হ্ৰাস পাইছিল। শনিবাৰে পেট্ৰোলত ৮ পইচা বৃদ্ধি পাইছিল আৰু ডিজেলত ৭ পইচা হ্ৰাস পাইছিল। শনিবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য আছিল ক্ৰেম ৭২.২০ টকা আৰু ৬৭.৬৮ টকা। হিন্দুস্থান সমাচাৰ/নাৰায়ণ/আলোক/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image