Hindusthan Samachar
Banner 2 गुरुवार, मार्च 21, 2019 | समय 05:30 Hrs(IST) Sonali Sonali Sonali Singh Bisht

কংগ্ৰেছৰ সমৰ্থনত নলবাৰী পৌৰ সভাৰ সভানেত্ৰীৰ আসন দখল বিজেপিৰ

By HindusthanSamachar | Publish Date: Mar 16 2019 9:46PM
কংগ্ৰেছৰ সমৰ্থনত নলবাৰী পৌৰ সভাৰ সভানেত্ৰীৰ আসন দখল বিজেপিৰ
নলবাৰী ,১৬ মাৰ্চ(হি.স.। লোকসভা নিৰ্বাচনক লৈ অগপ আৰু বিজেপিৰ মিত্ৰতা সম্পৰ্কে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে নলবাৰীত মিত্ৰতাৰে আগবাঢ়িছে বিজেপি আৰু কংগ্ৰেছ দল।নলবাৰী পৌৰ সভাৰ সভানেত্ৰীৰ আসনখনক লৈয়ে দুই বিপৰীত মেৰুত অৱস্থান কৰা ৰাষ্ট্ৰীয় দলদুটাৰ মাজত গঢ়ি উঠে মিত্ৰতা। উল্লেখ্য যে আজি কংগ্ৰেছৰ সমৰ্থনত নলবাৰী পৌৰ সভাৰ সভানেত্ৰী ৰ আসন পুনৰ উদ্ধাৰ কৰিলে বিজেপিয়ে । বিধায়ক অশোক শৰ্মাৰ নেতৃত্বত কংগ্ৰেছ আৰু বিজেপিৰ মাজত হয় এই মিত্ৰতা । ইয়াৰ লগতে ক্ষমতাৰ বাবে ৰাজনীতিত সকলো সম্ভৱ হ''ব পাৰে তাকেই প্ৰমান কৰিলে বিধায়ক অশোক শৰ্মাই । উল্লেখ্য যে দীৰ্ঘদিন ধৰি সভানেত্ৰী বিপাসা দাসৰ বিৰুদ্ধে চলি আছিল অনাস্থা । দুৰ্নীতি স্বজন তোষণৰ অভিযোগত বিজেপি আৰু অগপৰ সদস্যই প্ৰকাশ কৰিছিল অনাস্থা । এঘাৰ গৰাকী সদস্য থকা পৌৰ সভাৰ প্ৰথমতে উপ সভাপতি সহ সাত গৰাকী সদস্যই সভাপতিগৰাকীৰ বিৰুদ্ধে প্ৰকাশ কৰিছিল অনাস্থা । সেই মৰ্মে উচ্চ ন্যয়ালয়ত তৰা হৈছিল গোচৰ । আজি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আস্থা প্ৰমাণৰ হৈছিল সভা । উপ সভাপতি মঞ্জুৰুল আলমৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভানেত্ৰী বিপাসা দাসক কংগ্ৰেছৰ তিনিগৰাকী আৰু বিজেপিৰ তিনিগৰাকীকৈ মুঠ ছগৰাকী সদস্যই হাত দাঙি সমৰ্থন কৰে । ইপিনে এতিয়াও বিৰোধিতা কৰি আছে বিজেপিৰ চাৰি সদস্য ক্ৰমে কল্যাণী গোস্বামী, নিকিদেবী জালান, শেৱালি মালাকৰ, নিৰুমনি বৰ্মন, অগপৰ সদস্য মীনাৰা বেগমে । উল্লেখ্য যে তীব্ৰ বাক বিতণ্ডাৰ মাজতে মাত্ৰ দহ মিনিটত শেষ কৰে আস্থা প্ৰকাশৰ সভা।আনহাতে সভাত কোনো বিষয় আলোচনা নোহোৱাত আৰু কংগ্ৰেছৰ লগত বিজেপিৰ এনেধৰণৰ ক্ষমতালিপ্সু মিত্ৰতাক লৈ তীব্ৰ আক্ষেপ প্ৰকাশ কৰে অনাস্থাৰ সপক্ষে স্থিতি লৈ অহা বিজেপিৰ সদস্যসকলে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image