Hindusthan Samachar
Banner 2 शनिवार, मार्च 23, 2019 | समय 14:21 Hrs(IST) Sonali Sonali Sonali Singh Bisht

কণমানি শিশু কন্যাৰ ধৰ্ষণ-হত্যাকাণ্ডত জড়িত প্ৰকৃত অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ দাবীত অব্যাহত প্ৰতিবাদ

By HindusthanSamachar | Publish Date: Mar 16 2019 9:27PM
কণমানি শিশু কন্যাৰ ধৰ্ষণ-হত্যাকাণ্ডত জড়িত প্ৰকৃত অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ দাবীত অব্যাহত প্ৰতিবাদ
চিৰাং,১৬ মাৰ্চ(হি.স.)। চিৰাঙৰ চিদলীত কণমানি শিশু কন্যাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডত জড়িত প্ৰকৃত অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ দাবীত বিভিন্ন দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে। যোৱা ১৪ মাৰ্চ বৃহস্পতিবাৰ ৰাজ্য জোকাৰি যোৱা চিৰাঙৰ চিদলীত কণমানি শিশু কন্যাৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনা সংঘটিত হোৱাৰ ৪৮ ঘন্টা উকলি যোৱাৰ পিছতো চিৰাং আৰক্ষীয়ে প্ৰকৃত অপৰাধীক গ্ৰেপ্তাৰ আজিও সভ্য সমাজক লজ্জানত ঘটনাত জড়িত প্ৰকৃত অপৰাধীক যিমান সোনকালে সম্ভৱ বিচাৰি উলিয়াই কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে বিভিন্ন দল সংগঠনে। শিশু কন্যাৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ প্ৰকৃত দোষীক শীঘ্ৰে আটক কৰাৰ দাবীত চিদলী আৰক্ষী থানাৰ সন্মূখত সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা , নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ এছোচিয়েচন , সদৌ চাওঁতাল ছাত্ৰ সন্থা, সদৌ চাওঁতাল মহিলা সমিতি, চিদলী নোমলপুৰ কল্যাণময়ী মহিলা সমিতিৰ লগতে বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্বই প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰায় দুই সহস্ৰাধিক পুৰুষ মহিলাই একত্ৰিত হৈ শিশু ধৰ্ষণকাৰীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়ক, আমাৰ দাবী ন্যায্য দাবী, আমাক লাগে মানব অধিকাৰ, আমাক লাগে শান্তি, নাৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্লোগানেৰে চিদলীৰ প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে। প্ৰতিবাদ স্থলীত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মন, এবছু জিলা সভাপতি খনিন্দ্ৰ বসুমাতাৰী, চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰিমাণ চ''ৰেণ, চাওঁতাল মহিলা সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা কুন্তলা মুৰ্মু আদি কৰি নেতা সকলে একমুখে চিদলীৰ এই সভ্য সমাজক লজ্জানত ঘটনা সংঘটিত হৈ যোৱাৰ ৪৮ উকলি যোৱাৰ পিছত কি কাৰণত চিৰাং জিলা আৰক্ষীয়ে প্ৰকৃত অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই তাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে । লগতে অতি কম সময়ৰ ভিতৰতে যদি দোষী ব্যক্তিক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ নকৰে তেনেহ''লে চিৰাং সকলো জাতীয় ছাত্ৰ সংগঠনৰ উপৰি সামাজিক সংগঠন সমূহ ঐক্যবদ্ধ হৈ বৃহৎ আকাৰত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰে। ইয়াৰ ফলত যদি আইন শৃংখলাৰ অৱনতি ঘটে ইয়াৰ বাবে অসম চৰকাৰ তথা প্ৰশাসন দায়ী হব বুলিও সকীয়নী দিয়ে। আৰক্ষীয়ে যি অতি কম সময়ৰ ভিতৰত প্ৰকৃত দোষী ব্যক্তিক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেনেহ''লে এই ঘটনাৰ তদন্ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইৰ দ্বাৰা তদন্ত কৰাৰ দাবী উত্থাপন কৰিব বুলি প্ৰকাশ কৰে । ইফালে উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰ নিশা চিদলী থানাৰ আৰক্ষীয়ে পাঁচ জন লোকক সোধপোছৰ বাবে আটক কৰিছিল যদিও কালি বিয়লিৰ ভাগত ধৃত কেইগৰাকীক মুকলি কৰি দিয়ে । উল্লেখ্য যে কালি মাজনিশা চিদলীত থানাৰ আৰক্ষীয়ে আৰু দুজন লোকক সোধপোছৰ বাবে আটক কৰিছে, আটক কৰা দুজনৰ ভিতৰত এজনৰ বিৰুদ্ধে পুৰ্বেও ধৰ্ষণৰ গোচৰ আছে আৰু উক্ত গোচৰ বৰ্তমান গুৱাহাটী হাই কোৰ্টত বিচাৰাধীন হৈ আছে আৰু আন এজন চৰকাৰী বিদ্যালয়ৰ শিক্ষক । আটকাধীন লোক কেইজন উক্ত ঘটনাৰ সৈতে জড়িত হয় নে নহয় সেই সন্দৰ্ভত এতিয়ালৈকে কোনো সঠিক তথ্য পোহৰলৈ অহা নাই । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image