Hindusthan Samachar
Banner 2 बुधवार, मार्च 20, 2019 | समय 06:15 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ধুবুৰীৰ গৌৰীপুৰত মহিলাৰ আত্মহত্যা

By HindusthanSamachar | Publish Date: Mar 16 2019 8:49PM
ধুবুৰীৰ গৌৰীপুৰত মহিলাৰ আত্মহত্যা
ধুবুৰী, ১৬ মাৰ্চ(হি.স.)। ধুবুৰীত আত্মহত্যাৰ এক খবৰ লাভ কৰা গৈছে। ধুবুৰীৰ গৌৰীপুৰ আমবাৰীত চাৰি সন্তানৰ মাতৃয়ে আত্মহত্যা কৰিছে। নিজ ঘৰতে মহিলাগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছে। মহিলাগৰাকীৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰি পৰিয়ালৰ লোক তথা স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে পিছত ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মহিলাগৰাকী অংগনৱাড়ীৰ সহায়িকা আছিল বুলি জানিব পৰা গৈছে। মহিলাগৰাকীক স্বামী আব্দুল মান্নানে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপিত কৰে ৰাইজে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image