Hindusthan Samachar
Banner 2 शनिवार, मार्च 23, 2019 | समय 14:07 Hrs(IST) Sonali Sonali Sonali Singh Bisht

নলবাৰীত লোমহৰ্ষক হত্যাকাণ্ড

By HindusthanSamachar | Publish Date: Mar 16 2019 8:49PM
নলবাৰীত লোমহৰ্ষক হত্যাকাণ্ড
নলবাৰী, ১৬ মাৰ্চ(হি.স.)। নলবাৰীৰ ভুঞাৰকুছিত সংঘটিত হল এক সন্দেহজনক হত্যাকাণ্ড । নিশা সংঘটিত হয় এই ঘটনা । ভুঞাৰকুছিৰ চাইদুল হক নামৰ যুৱক জনক ক্ষত বিক্ষত অবস্থাত ৰাষ্ট্ৰীয় ঘাই পথত উদ্ধাৰ কৰা হয় । শৰীৰ বিভিন্ন অংশত চোকা অস্ত্ৰৰ আঘাট স্পষ্ট হৈ আছিল । চাইদুলক মুমূৰ্ষু অবস্থাত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পিছত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আৰু গুৱাহাটীৰ চিকিৎসকে মৃত ঘোষণা কৰে । আত্মীয়ই অভিযোগ কৰা মতে এইয়া এক হত্যাকাণ্ড । অভিযোগ মতে কেইবাজনো উদণ্ড যুবকে দলবদ্ধ ভাবে আক্ৰমণ কৰি হত্যা কৰে । সন্দেহ কৰা মতে প্ৰেম জনিত কাৰণতে সংঘটিত হল এই ঘটনা । ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষী থানাত ১৭০/ ১৯ নম্বৰত এটি গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত নিপল তালুকদাৰ নামৰ এজন যুৱকক নলবাৰী আৰক্ষীয়ে আটক কৰিছে । হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image