Hindusthan Samachar
Banner 2 शनिवार, मार्च 23, 2019 | समय 13:50 Hrs(IST) Sonali Sonali Sonali Singh Bisht

শিলচৰত নিজৰ জয়ক লৈ শংকিত সুষ্মিতা দেৱ

By HindusthanSamachar | Publish Date: Mar 16 2019 8:44PM
শিলচৰত নিজৰ জয়ক লৈ শংকিত সুষ্মিতা দেৱ
শিলচৰ, ১৬ মাৰ্চ(হি.স.)। শিলচৰৰ কংগ্রেছী সাংসদ সুষ্মিতা দেবৰ বাবে এইবাৰৰ নিৰ্বাচনি যুঁজ মুঠেই সহজ নহয় । বিজেপিৰ ভীষণ প্রত্যাহ্বানৰ সন্মুখীন হব লাগিব কংগ্রেছৰ প্রাৰ্থী তথা সৰ্ব ভাৰতীয় মহিলা কংগ্রেছৰ সভানেত্রী সুষ্মিতা দেৱ । এইবাৰৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাতো যথেষ্ট কঠিন আৰু ভীষণ পৰিশ্রমৰ । কাৰণ এইবাৰ দিছপুৰ আৰু দিল্লীত কংগ্রেছৰ চৰকাৰ নাই। নিজৰ জয়ক লৈ যে ভীষণ সংকিত সুষ্মিতা দেৱে এই কথা শনিবাৰে নিজেই স্বীকাৰ কৰিলে শিলচৰ জিলা কংগ্রেছে আয়োজন কৰা দলীয় সভাত । শনিবাৰে শিলচৰ জিলা কংগ্রেছ কমিটীয়ে ইন্দিৰা ভৱনত আয়োজন কৰা এক দলীয় সভাত অংশ লৈ শিলচৰৰ সাংসদ সুষ্মিতা দেবে প্রধান মন্ত্রী নৰেন্দ্র মোদী আৰু বিজেপি চৰকাৰ ক তীব্র সমালোছনা কৰে । সম্প্রতি বিজেপি চৰকাৰে দেশৰ দৰিদ্র লোকসকলক এটকাত আৰু চাহ শ্রমিক সকলক বিনা মুলীয়াকৈ যোগান ধৰা চাউল এক নিৰ্বাচনি চমক বুলি মন্তব্য কৰে সুষ্মিতা দেবে । নিৰ্বাছন শেষ হোৱাৰ পিচতে এই বিনামুলীয়া চাউলৰ আচনি বন্ধ হব বুলিও দাবী কংগ্রেছ প্রাৰ্থী গৰাকীয়ে । বিগত লোক সভা নিৰ্বাচনৰ সময়ত দেশ বাসীক দিয়া প্রতিশ্রুতি সমূহ কাৰ্য কৰী কৰাত সম্পুৰ্ণ ব্যৰ্থ হোৱা বুলি মোদীৰ বিৰুদ্ধে অভিযোগ কৰে সুষ্মিতা দেবে ।বিজেপিয়ে এইবাৰ কেন্দ্রত পুনৰ চৰকাৰ গঠন কৰিব বুলি চলোৱা প্রচাৰ সন্দৰ্ভত প্রধান মন্ত্রীক কটাক্ষ কৰি সৰ্বভাৰতীয় মহিলা কংগ্রেছৰ সভানেত্রী গৰাকীয়ে কয় যদি বিজেপিৰ জয় নিশ্চিত,তেন্তে শিবসেনা, এ আই ডি এম কে আৰু শেষত অগপ ৰ লগত গতবন্ধন কিয় কৰিব লগা হল ?পুৰ্বৰ পাচ বাৰৰ দৰে এইবাৰো কংগ্রেছে বিজেপিক পৰাজিত কৰিবলৈ সক্ষম হব বুলি দাবী শিলচৰৰ কংগ্রেছী প্রাৰ্থী গৰাকীৰ। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image