Hindusthan Samachar
Banner 2 गुरुवार, मार्च 21, 2019 | समय 21:45 Hrs(IST) Sonali Sonali Sonali Singh Bisht

দলীয় কৰ্মীৰ প্ৰৱল বিৰোধিতাৰ পিছতো ডিব্ৰুগড়ত কংগ্ৰেছে টিকট দিলে পৱনসিং ঘাটোৱাৰক

By HindusthanSamachar | Publish Date: Mar 16 2019 8:45PM
দলীয় কৰ্মীৰ প্ৰৱল বিৰোধিতাৰ পিছতো ডিব্ৰুগড়ত কংগ্ৰেছে টিকট দিলে পৱনসিং ঘাটোৱাৰক
ডিব্ৰুগড়, ১৬ মাৰ্চ(হি.স.)। প্ৰবল প্ৰত্যাহ্বান তথা বিৰোধৰ পিছতো ১৩ নং ডিব্ৰুগড় সংসদীয় সমষ্টিৰ বাবে কংগ্ৰেছ দলে জ্যেষ্ঠ নেতা তথা অসম চাহ মজদূৰ সংঘৰ সভাপতি পৱনসিং ঘাটোৱাৰকেই প্ৰদান কৰিলে দলীয় টিকট। বিগত লোকসভা নিৰ্বাচনত বিপুল সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হোৱাৰ পিছত পুনৰ বিধান সভাৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হোৱা পৱনসিং ঘাটোৱৰৰ বাবে এইবাৰ দলীয় টিকট পোৱাটো প্ৰবল প্ৰত্যাহ্বান হৈ পৰিছিল যদিও অৱশেষত দলৰ হাইকমাণ্ডে তেওঁকেই দলীয় টিকট প্ৰদান কৰে। দলৰ মজিয়াতে একাংশই বিৰোধিতা কৰিলেও টিকট নিশ্চিত হোৱাৰ পিছত উৎফুল্লিত দলীয় ঘটোৱাৰৰ লগতে দলীয় কৰ্মী সকল। পুৱাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা কংগ্ৰেছৰ ভালেসংখ্যক কৰ্মী উপস্থিত হৈ ঘটোৱাৰৰ ডিব্ৰুগৰস্থ বাসগৃহত।অষ্টম বাৰলৈ প্ৰতিদ্বন্দিতা কৰা ঘটোৱাৰে এইবাৰ বিজেপি ৰ পৰা ডিব্ৰুগড় আখনখন পুনৰ উদ্ধাৰ কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞ। ইফালে টিকট লাভ কৰিয়েই ঘটোৱাৰ মিলিত হয় অসম চাহ মজদূৰ সংঘৰ এক বৈঠকত।নিশ্চিতভাৱে চাহ মজদূৰ সংঘৰ গাত ভেজা দিয়েই আগন্তুক নিৰ্বাচনী বৈতৰণি পাৰ হব লাগিব পৱনসিং ঘটোৱাৰে। আনহাতে নতুন মুখৰ সনধানত ঘটোৱাৰৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰা দলৰ বৃহৎ অংশ সদস্যই আগন্তুক নিৰ্বাচনত কি ভূমিকা লয় তাৰ ওপৰতো নিৰ্ভয় কৰিব ঘটোৱাৰৰ জয় পৰাজয়। কিন্তু তাৰ মাজতে মোদীৰ ঢৌৱে বিগত নিৰ্বাচনত বিজেপি ক জয়যুক্ত কৰাইছিল যদিও এইবাৰ মোদীৰ তেনে ঢৌৱে ভোটাৰৰ প্ৰভাৱিত কৰিব নোৱাৰে বুলি কলে পৱনসিং ঘাটৱাৰে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক/মনোজ
लोकप्रिय खबरें
फोटो और वीडियो गैलरी
image