Hindusthan Samachar
Banner 2 सोमवार, दिसम्बर 10, 2018 | समय 11:31 Hrs(IST) Sonali Sonali Sonali Singh Bisht

হোজাইত ভোটাৰক বিলাবলৈ অনা সুৰা কংগ্ৰেছ প্ৰাৰ্থীৰ ভতিজাৰ ঘৰত উদ্ধাৰ

By HindusthanSamachar | Publish Date: Dec 8 2018 8:43PM
হোজাইত ভোটাৰক বিলাবলৈ অনা সুৰা  কংগ্ৰেছ প্ৰাৰ্থীৰ ভতিজাৰ ঘৰত উদ্ধাৰ
হোজাই, ০৮ ডিচেম্বৰ (হি.স.) । হোজাইৰ ডিমাৰুপাৰ গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়ত সদস্যৰ প্ৰাৰ্থী উজ্বলা মালাকাৰৰ ভতিজা জনটু মালাকাৰৰ ঘৰৰ পৰা আজি নীলবাগান আৰক্ষীয়ে ৬৫ টা বিদেশী সুৰাৰ বটল জব্দ কৰে। পিছত আৰক্ষীয়ে জব্দ কৰা সুৰাৰ বটল নষ্ট কৰি দিয়ে। এই সুৰাসমূহ পঞ্চায়ত নিৰ্বাচন উপলক্ষে ভোটাৰৰ মাজত বিলাবলৈ অনা বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে অসমৰ চোকে কোনে কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বিভিন্ন উপঢৌকনেৰে কংগ্ৰেছৰ একাংশ প্ৰাৰ্থীয়ে ভোটাৰক আকৃষ্ট কৰাত ব্যস্ত হৈছে। ঘটনাৰ বিৱৰনী অনুযায়ী আজি দিনৰ ভাগত হোজাই সমষ্টিৰ ডিমৰুপাৰ গাওঁ পঞ্চায়তৰ জন্টো মালাকৰৰ গৃহৰ পৰা আৰক্ষীয়ে দুই কাৰ্টুনত ৰখা ৬৫ টা বিদেশী সুৰাৰ বটল জব্দ কৰে। জন্টো মালাকাৰ ডিমৰুপাৰ গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়ত সদস্যা পদৰ প্ৰাৰ্থী উজ্বলা মালাকাৰৰ ভতিজা। স্থানীয় ৰাইজৰ অভিযোগ মতে নিশা পঞ্চায়ত খনৰ ভোটাৰৰ মাজত বিলাবলৈ অনা হৈছিল দুই কাৰ্টুন সুৰা। নিৰ্বাচনৰ সময়ত ভোটাৰক আকষ্ট কৰিবলৈ সুৰাৰ সহায় লোৱা কংগ্ৰেছ প্ৰাৰ্থীৰ এই কাৰ্যই জিলা খনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে জব্দ কৰা সুৰাখিনি অৱশেষত ৰাইজৰ সহযোগত নষ্ট কৰি পেলায়। ইপিনে ভোটাৰৰ মাজত সুৰা খিনি বিতৰণৰ বাবে অনা বুলি আৰক্ষীয়ে জানিব দিয়ে। হিন্দুস্থান সমাচাৰ / স্বপ্না/মনোজ
image