Hindusthan Samachar
Banner 2 रविवार, दिसम्बर 16, 2018 | समय 06:18 Hrs(IST) Sonali Sonali Sonali Singh Bisht

প্ৰথমবাৰলৈ মঙলগ্ৰহৰ বায়ুৰ চাপ ৰেকৰ্ড, নাছাৰ ইনছাইট লেণ্ডাৰৰ অডিঅ প্ৰেৰণ

By HindusthanSamachar | Publish Date: Dec 8 2018 8:46PM
প্ৰথমবাৰলৈ মঙলগ্ৰহৰ বায়ুৰ চাপ ৰেকৰ্ড, নাছাৰ ইনছাইট লেণ্ডাৰৰ অডিঅ প্ৰেৰণ
ৱাশ্বিংটন, ০৮ ডিছেম্বৰ(হি.স.)ঃ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই ৰঙা গ্ৰহ মঙললৈ প্ৰেৰণ কৰা ইনছাইট লেণ্ডাৰ নামৰ ৰভাৰ যানখনে প্ৰথমবাৰলৈ মঙলগ্ৰহৰ বায়ুৰ চাপ(এয়াৰ প্ৰেছাৰ) বাণীবদ্ধ কৰিছে। এই সন্দৰ্ভত যানখনে বাণীবদ্ধ অডিঅও প্ৰেৰণ কৰিছে। উল্লেখ্য যে নাছাই ১০ বছৰ পূৰ্বে ৰভাৰ যানখন মঙল গ্ৰহলৈ প্ৰেৰণ কৰিছিল। এই যানখন যোৱা ২৬ নৱেম্বৰত মঙলগ্ৰহৰ ভূপৃষ্ঠত অৱতৰণ কৰোৱা হৈছিল। এই যানখনেই প্ৰেৰণ কৰা ৰঙাগ্ৰহটিৰ বায়ুৰ গতিৰ প্ৰেৰণ কৰা অডিঅ নাছাৰ জেট প্ৰোপলশ্বন লেবে শকুৰবাৰে সদৰি কৰে। সংস্থাটোৰ মতে মঙলগ্ৰহৰ বায়ুৰ গতিবেগ প্ৰতিঘণ্টাত ১৬ৰ পৰা ২৪ কিলোমিটাৰত চলি থকা সময়ত যানখনে ইয়াৰ বাণীবদ্ধ কৰে। বায়ুৰ চাপৰ উপৰি মঙল গ্ৰহত বায়ুৰ কম্পনো লিপিবদ্ধ কৰে ইনছাইট লেণ্ডাৰ ৰভাৰ যানখনে। ইফালে এই বাণীবদ্ধ শব্দ শুনি কৰ্ণেল বিশ্ববিদ্যালয়ৰ ডন বেনফীল্ডে সদৰি কৰা অনুসৰি-মঙল গ্ৰহৰ বায়ুৰ গতিবেগ শুনি এনে লাগে যেন আম গৰমৰ দিনত দুপৰীয়া ঘৰৰ বাহিৰত বহি আছো। অৰ্থাৎ মঙলগ্ৰহ আৰু পৃথিবীৰ বায়ুৰ কিছু সমানতা আছে। হিন্দুস্থান সমাচাৰ/মনোজ
image