Hindusthan Samachar
Banner 2 रविवार, दिसम्बर 16, 2018 | समय 06:16 Hrs(IST) Sonali Sonali Sonali Singh Bisht

উত্তৰ পূৱ সীমান্ত ৰেল নিৰ্মাণৰ দ্বাৰা নিৰ্মাণধীন পৃথিৱীৰ উচ্চতম দলঙৰ সন্তোষজনক অগ্ৰগতি

By HindusthanSamachar | Publish Date: Dec 8 2018 8:41PM
উত্তৰ পূৱ সীমান্ত ৰেল নিৰ্মাণৰ দ্বাৰা নিৰ্মাণধীন পৃথিৱীৰ উচ্চতম দলঙৰ সন্তোষজনক অগ্ৰগতি
গুৱাহাটী, ০৮ ডিচেম্বৰ(হি.স.)। মণিপুৰৰ ৰাজধানী ইম্ফলৰ ওচৰৰ ননৈত ইজাই নদীৰ ওপৰত উত্তৰ পূৱ সীমান্ত ৰেল নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণধীন দলংখনৰ সন্তোষজনক অগ্ৰগতি হৈ আছে।মুঠ ১৪১ মিটাৰ উচ্চতাৰ দলংখনৰ ইতিমধ্যে ১০০ মিটাৰ উচ্চতালৈ দলঙৰ খুটা নিৰ্মাণ সম্পূৰ্ণ হৈছে। সম্পূৰ্ণ হোৱাৰ পিছত বৰ্তমান ইউৰোপৰ মন্টেনেগ্ৰোত থখা মালা-ৰিজেকা ১৩৯ মিটাৰ দলংখনক ননৈত নিৰ্মাণধীন দলংখনে পৃথিৱীৰ সৰ্বোচ্চ উচ্চতাৰ দলঙৰ অভিলেখ অতিক্ৰমণ কৰিব। এই দলংখন ৭০৩ মিটাৰ দীঘল হ’ব। সম্পূৰ্ণ আধুনিক প্ৰযুক্তিৰে নিৰ্মাণধীন দলংখন ১১ কিলোমিটাৰ দীঘল জিৰিবাম ইম্ফল টুপুল নতুন ৰেললাইন প্ৰকল্পৰ অধীন।ৰাষ্ট্ৰীয় প্ৰকল্প ঘোষণা কৰাৰ পিছত যোৱা ৩ বছৰৰ পৰা প্ৰকল্পৰ কাম কাজত বিশেষ অগ্ৰগতি হৈছে। এই প্ৰকল্পত মুঠ ৪৫ টা সুৰক্ষা থাকিব আৰু ইয়াৰ ভিতৰত সুৰংগ নং ১২ আটাইতকৈ দীৰ্ঘতম সুৰংগ হ’ব। ইয়াৰ দৈৰ্ঘ হ’ব ১০.২৮০ কিলোমিটাৰ।এই প্ৰকল্পৰ মুখ্য অভিযন্তা এ চাইবাবাৰ তত্বাবধানত এই প্ৰকল্পৰ কাম কাজ সুচাৰুৰূপে চলি আছে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image