Hindusthan Samachar
Banner 2 सोमवार, दिसम्बर 10, 2018 | समय 03:31 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ঐতিহাসিক ঢ়েকীয়াখোৱা বৰ নামঘৰ পৰিদৰ্শন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

By HindusthanSamachar | Publish Date: Dec 8 2018 8:42PM
ঐতিহাসিক ঢ়েকীয়াখোৱা বৰ নামঘৰ পৰিদৰ্শন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ
যোৰহাট, ০৮ ডিছেম্বৰ(হি.স.)ঃ ব্যক্তিগত কাৰ্যসূচীৰে আজি শনিবাৰে যোৰহাটত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ইয়াৰ পিছতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে সপত্নীক উপস্থিত হৈ পুজা আগবঢ়ায়। মুখ্য ন্যায়াধীশ গৰাকীয়ে টীয়কৰ লাহদৈগড়স্থিত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে স্থাপিত ঐতিহাসিক ঢ়েকীয়াখোৱা বৰ নামঘৰ পৰিদৰ্শন কৰাৰ লগতে চাকি বন্তি জ্বলাই,নৈবদ্য আগবঢ়াই আগবঢ়ায় সেৱা লয়। ঢেকীয়াখোৱা বৰ নামঘৰ পৰিদৰ্শন কৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বৰ নামঘৰ সমিতিৰ তৰফৰ পৰা আদৰণি জনোৱা হয়l মন কৰিবলগীয়া যে অসম আৰক্ষীৰ ওপৰত আস্থা হেৰাওৱা মুখ্য ন্যায়াধীশগৰাকীৰ এই ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ দায়িত্ব অসম আৰক্ষীৰ পৰিবৰ্তে পালন কৰে কেন্দ্ৰীয় অৰ্ধসামৰিক আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফে। উল্লেখ্য যে মুখ্য ন্যায়াধীশ গৰাকীৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হোৱাৰ সময়ত নামঘৰ চৌহদত সাংবাদিকৰ প্ৰবেশ নিষিদ্ধ কৰা হয়। হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
image