Hindusthan Samachar
Banner 2 रविवार, दिसम्बर 16, 2018 | समय 06:18 Hrs(IST) Sonali Sonali Sonali Singh Bisht

লংকাত সাংবাদিকৰ মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য

By HindusthanSamachar | Publish Date: Dec 8 2018 8:28PM
লংকাত সাংবাদিকৰ মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য
হোজাই, ০৮ ডিছেম্বৰ(হি.স.)। হোজাইৰ লংকাত এগৰাকী যুৱ সাংবাদিকৰ মৃত্যুৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি কৰিছে। গুৱাহাটীস্থিত ডিৱাই ৩৬৫ নামৰ বৈদ্যুতিন সংবাদ মাধ্যমটিৰ লংকাস্থিত সংবাদদাতা অৰিন্দম চৌধুৰীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰৰ খবৰ সম্প্ৰতি সমগ্ৰ হোজাই জিলা খনৰ লগতে সংবাদমহলত শোকৰ ছাঁ পৰে| জানিব পৰা মতে,লংকাৰ বামুনগাঁও স্থিত বাসগৃহত অকলশৰীয়াকৈ বসবাস কৰা সাংবাদিকগৰাকীৰ মৃতদেহ শনিবাৰে পুৱা শোৱনী কোঠাৰ খিৰিকীত চিপ লোৱা অৱস্থাত ৰহস্যজনক ভাৱে মৃতদেহ উদ্ধাৰ হয়। আঠুকাঢ়ি থকা অৱস্থাত সাংবাদিকগৰাকীৰ মৃতদেহটি উদ্ধাৰ হোৱা পিছতেই ৰহস্য ঘনীভূত হৈ পৰিছে| এইয়া যদি সচাঁই এক আত্মহত্যা তেনেহলে কি দৰে আঠুকাঢ়ি থকা অৱস্থাত আত্মহত্যা কৰিলে সাংবাদিক গৰাকীয়ে। ইতিমধ্যে,এই মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সংবাদদাতা গৰাকীৰ বাসগৃহত হোজাইৰ আৰক্ষী অধীক্ষক,দণ্ডাধীশৰ লগতে লংকা আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে| ইফালে,সাংবাদিক গৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰি শোকাস্তব্ধ হৈ পৰা সমগ্ৰ হোজাই জিলা খনৰ সংবাদকৰ্মী ঘটনাস্থলীত উপস্থিত হৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে| হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image