Hindusthan Samachar
Banner 2 शुक्रवार, दिसम्बर 14, 2018 | समय 06:15 Hrs(IST) Sonali Sonali Sonali Singh Bisht

শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয়ৰ চুৰিৰ ঘটনাৰ লগত জড়িত এটা চোৰক গ্ৰেপ্তাৰ

By HindusthanSamachar | Publish Date: Dec 8 2018 8:19PM
শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয়ৰ চুৰিৰ ঘটনাৰ লগত জড়িত এটা চোৰক গ্ৰেপ্তাৰ
কামৰূপ, ০৮ ডিচেম্বৰ(হি.স.)। শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয়ত কিছুদিন পূৰ্বে সংঘটিত হোৱা চুৰিকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে চোৰটোৰ লগতে মন্দিৰটোৰ চুৰি হোৱা বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰটোক ফটিক কলিতা বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে এতিয়ালৈ মন্দিৰৰ পৰা চুৰি হোৱা প্ৰাচীন অষ্টধাতুৰ মূল বিগ্ৰহ দুটা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। চোৰটোক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা চলোৱাত চোৰটোৱে কৰা স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে লুইতৰ বুকুত মূৰ্তি দুটা বিচাৰি অভিযান চলায়। উল্লেখ্য যে যোৱা ২৩ নৱেম্বৰত চুৰি হৈছিল সিদ্ধেশ্বৰ দেৱালয়ত। দেৱালয়ৰ বহু সামগ্ৰীৰ লগতে চোৰে চুৰি কৰি নিছিল মন্দিৰত থকা অষ্টধাতুৰ মূৰ্তি দুটা। এইখিনিতে উল্লেখ কৰিব পাৰি যে বিগত দুটা মাহত ৰাজ্যৰ বহুকেইটা মন্দিৰ মঠত চোৰে চুৰিকাৰ্য্য সংঘটিত কৰিছে।খোদ গুৱাহাটী মহানগৰীৰে কেইবাটাও মঠ মন্দিৰ তথা হিন্দুৰ উপাসনাস্থলীত চোৰে চৌৰ্য্যকাৰ্য্য চলোৱা পৰিলক্ষিত হৈছে। এই ঘটনা সন্দৰ্ভত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ বিখ্যাত উগ্ৰতাৰা মন্দিৰতো চোৰে চুৰি কাৰ্য্য সংঘটিত কৰিছিল আৰু চোৰে চুৰি কৰি নিছিল উগ্ৰতাৰা মন্দিৰৰ অষ্টধাতুৰ মূল বিগ্ৰহটো। এই বিগ্ৰহটোও এতিয়ালৈ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ৰাজ্যত বৃদ্ধি হোৱা এনে ঘটনাই এতিয়া ধৰ্মপ্ৰাণ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰাও পৰিলক্ষিত হৈছে।শীঘ্ৰে চুৰিৰ ঘটনা বন্ধ কৰাৰ বাবে আৰক্ষী প্ৰশাসন তথা চৰকাৰে গুৰুত্বপূৰ্ণ ব্যৱস্থা হাতত লোৱাৰো দাবী জনায় বিভিন্ন দল সংগঠনে মহানগৰীত প্ৰতিবাদী সমদল উলিওৱাও পৰিলক্ষিত হৈছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক/মনোজ
image