Hindusthan Samachar
Banner 2 सोमवार, दिसम्बर 10, 2018 | समय 03:22 Hrs(IST) Sonali Sonali Sonali Singh Bisht

কাৰ্বি আংলঙক পৰ্যটন নগৰ হিচাপে গঢ়ি তোলাৰ প্রয়াস

By HindusthanSamachar | Publish Date: Dec 8 2018 8:01PM
কাৰ্বি আংলঙক পৰ্যটন নগৰ হিচাপে গঢ়ি তোলাৰ প্রয়াস
ডিফু , ০৮ ডিছেম্বৰ(হি.স.)। পাহাৰীয়া জিলা কাৰ্বি আংলঙত পৰ্যটনৰ আছে অপাৰ সম্ভাৱনা। বিশেষকৈ পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ জলপ্রপাত সমূহ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব পাৰে। সেয়েহে পৰ্যটনৰ অলেখ সম্ভৱনা থকা পাহাৰীয়া জিলাখনক লৈ শেহতীয়াকৈ সক্ৰিয় হৈ পৰিছে কাৰ্বি পৰিষদ। জিলাখনক পৰ্যটন নগৰ হিচাপে গঢ়ি তুলাৰ প্রয়াস কৰিছে কাৰ্বি আংলং স্বায়ত্ব পৰিয়দে। পৰ্যটনৰ এই অলেখ সম্ভৱনা অংশ হিচাপে জিলাখনৰ ২৬নং দোৱাৰ বাগৰি পৰিষদীয় সমষ্টিত জনপ্রতিনিধি ৰিচাৰ্ড টকবিৰ লগতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি পৰিষদৰ কাৰ্য্যবাহী সদস্য হৰেন ছিং বে, প্ৰদীপ ৰংপি আৰু বহু কাৰ্য্যবাহী সদস্যৰ লগতে স্থানীয় লোকৰ এটা দলে এক জৰীপ কৰে ৷ দলটোৱে কাইফলাংছ'' নামৰ মনোৰম জলপ্ৰপাতটিত উপস্থিত হৈ উৎফুল্লিত হৈ পৰে আৰু দৃশ্য উপভোগ কৰে ৷ স্মৰ্তব্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ এই জলপ্ৰপাতটো অতি বিতোপন। মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ কাইফলাংছ''ই অতি সহজেই পৰ্যটক সকলক আকৰ্ষিত কৰে যদিও ইয়ালৈ আহিব পৰা পথটো একেবাৰে সুচল নহয়। পৰ্যটন বিভাগে যদি সঁচাকৈয়ে পৰ্যটক সকলৰ সুবিধাৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰে তেন্তে কাইফলাংছ'' এক সুন্দৰ পৰ্যটন স্থলীলৈ ৰূপান্তৰিত হৈ পৰাৰ লগতে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো অৰিহণা যোগাব। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image