Hindusthan Samachar
Banner 2 रविवार, दिसम्बर 16, 2018 | समय 07:43 Hrs(IST) Sonali Sonali Sonali Singh Bisht

বাঙ্গালোৰত ‘সহায় ৰক্তদান অসম’ৰ ৰক্তদান শিবিৰ

By HindusthanSamachar | Publish Date: Dec 8 2018 7:53PM
বাঙ্গালোৰত ‘সহায় ৰক্তদান অসম’ৰ ৰক্তদান শিবিৰ
বাঙ্গালোৰ, ০৮ ডিছম্বৰ(হি.স.)। ৰক্তদান মহান দান। এটোপাল ৰক্তই একোজন ৰোগীৰ জীৱন দান দিব পাৰে। ‘সহায় ৰক্তদান অসম’ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে অসমৰ লগতে অসমৰ বাহিৰতো অসহায় ৰোগী সকলক সহায় কৰাৰ উদ্দেশ্যে বেংগলোৰ মাইচোৰ চহৰৰ Farooqia college of pharmacy এটি ৰক্তদান শিবিৰ আয়োজন কৰে। সহায় ৰক্তদান অসমৰ এডমিন নগাঁৱৰ ফাৰকিয়া কলেজৰ ছাত্ৰ মুচাহিদৰ নেতৃত্বত আৰু কলেজ ইউনিটৰ সহযোগত আয়োজন কৰা এই ৰক্তদান শিবিৰত প্ৰবক্তাকে ধৰি বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰক্তদান কৰে। সহায় ৰক্তদান অসমৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নিয়ৰ ৰাজে জানিব দিছে যে অসমৰ পৰা অসমৰ বাহিৰলৈ চিকিৎসাৰ বাবে যোৱা ৰোগী সকলক ৰক্ত যোগান ধৰাৰ ক্ষেত্ৰত সহায় ৰক্তদান অসমে সদায় সহায় কৰিবলৈ ইচ্ছুক। ইতিমধ্যে এই স্বেচ্ছাসেৱী সংগঠনটোৱে দিল্লী বেংগলো গোৱা পাটনাতো ৰক্তৰ বিপদত পৰা বহু ৰোগী পৰিয়ালক সহায় কৰিছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image