Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 07:50 Hrs(IST) Sonali Sonali Sonali Singh Bisht

তিনিচুকীয়া জিলা পৰিষদৰ সদস্যসহ দুই শতাধিক কংগ্ৰেছী নেতা কৰ্মীৰ বিজেপিত যোগদান

By HindusthanSamachar | Publish Date: Nov 10 2018 9:29PM
তিনিচুকীয়া জিলা পৰিষদৰ সদস্যসহ দুই শতাধিক কংগ্ৰেছী নেতা কৰ্মীৰ বিজেপিত যোগদান
তিনিচুকীয়া, ১০ নৱেম্বৰ (হি.স.)। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই ৰাজ্যত ৰাজনৈতিক দলসমূহৰো তৎপৰতা বৃদ্ধি পাইছে। লগতে আৰম্ভ হৈছে দলবাগৰা ৰাজনীতিৰো।আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনৰ আগ মুহূৰ্তত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব নিৰ্বাচন কেন্দ্ৰিক আবেদন চলি থকা সময়তে তিনিচুকীয়া জিলাৰ কংগ্ৰেছ দখলত থকা একমাত্ৰ বিধানসভা সমষ্টি ডুমডুমাৰ অন্তৰ্গত গাভৰুভেটি জিলা পৰিষদৰ দুবাৰকৈ নিৰ্বাচিত কংগ্ৰেছী সদস্য পাৰুমণি মহন্ত (মৰাণ) সহ প্ৰায় দুই শতাধিক নেতা কৰ্মীয়ে আজি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে। ফিল''বাৰীৰ আমগুৰি গাঁও খেল পথাৰত অনুষ্ঠিত এখন দলীয় সভাত বিজেপি দলৰ বিধায়ক সুৰেন ফুকন, ৰাজ্যিক নেতা পুলক গোহাঁই, দলটোৰ জিলা সভাপতি লক্ষেশ্বৰ মৰাণ তথা বহু কেইজন নেতাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলা পৰিষদৰ প্ৰাক্তন সদস্যা তথা তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সম্পাদিকা পাৰুমণি মহন্ত(মৰাণ), গাভৰুভেটি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী সুমিত্ৰা ফুকন, মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী সোণালী শইকীয়া, সম্পাদিকা মলয়া বৰুৱা, কল্যাণী শইকীয়া, চম্পা দাস, ৱাৰ্ড সদস্য ৰামজি শৰ্মাকে আদি কৰি দুশৰো অধিক নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে। উল্লেখযোগ্য যে, উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় এই দুয়োখন জিলাৰ ভিতৰত একমাত্ৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজৰ অতি ঘনিষ্ঠ মৰাণ জনগোষ্ঠীৰ অন্যতম নেত্ৰী মহন্ত (মৰাণ) সহ গাভৰুভেটি, কাকজান আৰু বৰডুবি গাঁও পঞ্চায়তৰ যথেষ্ট সংখ্যক কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰাত জিলা খনৰ কংগ্ৰেছী মহলত বৃহৎ জোকাৰণি সৃষ্টি হোৱাৰ লগতে ইয়াৰ প্ৰভাৱ আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনতো পৰিব বুলিও চৰ্চিত হৈছে। হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
image