Hindusthan Samachar
Banner 2 शनिवार, नवम्बर 17, 2018 | समय 00:28 Hrs(IST) Sonali Sonali Sonali Singh Bisht

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কাছাৰত আছু প্ৰতিবাদ

By HindusthanSamachar | Publish Date: Nov 10 2018 9:23PM
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কাছাৰত আছু প্ৰতিবাদ
শিলচৰ, ১০ নৱেম্বৰ(হি.স.)। অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কাছাৰতো আছুৱে প্ৰতিবাদ সাবস্ত কৰে৷ আছুৰ কাছাৰ জিলা সমিতিয়ে শিলচৰৰ ৰংপুৰত জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খন দাহ কৰি বিধেয়ক খন বাতিলৰ দাবী জনায়৷ লগতে বৰাকৰ মন্ত্ৰী বিধায়ক সকলক সকিয়নি দি আছু নেতা আইনুল হক চৌধুৰীয়ে কয় এই বিধেয়েকৰ বিৰোধিতা নকৰিলে আছু সহ বৰাকৰ খিলঞ্জীয়া লোক সকলে আসন্ন পঞ্চায়ত আৰু লোকসভা নিৰ্বাচন বৰ্জন কৰিব ৷ ইফালে,পৃথক বৰাকৰ দাবী উত্থাপন কৰা প্ৰদীপ দত্তৰয়ক কটাক্ষ কৰি আছু নেতা গৰাকীয়ে কয় যে প্ৰদীপ দত্ত ৰয় আগৰতলাৰ লোক৷ তেওঁক পৃথক বৰাক দাবী কৰাৰ অধিকাৰ কোনে দিলে বুলিও প্ৰশ্ন কৰে। লগতে আছুৱে পৃথক বৰাকৰ তীব্ৰ বিৰোধী বুলিও স্পষ্ট কৰে আছু নেতা আইনুল হক চৌধুৰীয়ে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image