Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 07:34 Hrs(IST) Sonali Sonali Sonali Singh Bisht

নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ।

By HindusthanSamachar | Publish Date: Nov 10 2018 9:19PM
নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ।
মানকাচৰ, ১০ নৱেম্বৰ (হি.স.) । সমগ্ৰ অসমতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি সদৌ দঃশালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত হাটশিঙিমাৰী উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত শ শ আছু কৰ্মীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম চৰকাৰ হায় হায়, বিজেপি গো বেক, শিলাদিত্যক গ্ৰেপ্তাৰ কৰক , অসম চৰকাৰ হুচিয়াৰ, জয় আই অসম, বাংলাদেশী দালাল গো বেক, আ ঔ আ আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কপাই তুলি প্ৰতিবাদ সাব্যস্ত কৰে৷ জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিবলৈ দাবী তোলে, অন্যথা ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ হুংকাৰ দিয়ে। দঃশালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থাৰ (আছু)ৰ সভাপতি ফিৰোজ আল-ফাৰুক খন্দাৰ আৰু সম্পাদক ছৰিফুল ইছলাম প্ৰধানীয়ে বৃহত্ত্বৰ অসমীয়া জাতিৰ স্বাৰ্থত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল কৰি অসম আৰু অসমীয়াৰ জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে জিলা উপায়ুক্তৰ জৰিয়তে চৰকাৰৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
image