Hindusthan Samachar
Banner 2 सोमवार, नवम्बर 19, 2018 | समय 01:02 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ৰহাত নিৰ্বাচনী বিধি উলংঘা কৰি হিতাধিকাৰীৰ মাজত উজ্বলা গেছ বিতৰণ

By HindusthanSamachar | Publish Date: Nov 10 2018 9:13PM
ৰহাত নিৰ্বাচনী বিধি উলংঘা কৰি হিতাধিকাৰীৰ মাজত উজ্বলা গেছ বিতৰণ
নগাঁও,১০ নৱেম্বৰ(হি.স.)। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে জনসাধাৰণক আকৃষ্ট কৰিবলৈ শাসক-বিৰোধীয়ে তৎপৰতা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় ৰহা অঞ্চলো। ইফালে ক্ষমতাত থকাৰ সুযোগ লৈ ৰহাত পঞ্চায়ত দখল কৰিবলৈ উঠি পৰি লাগিছে বিজেপি দল ৷ ভোটাৰৰ মন জয় কৰিবলৈ হিতাধিকাৰীক মুকলিকৈ উজ্বলা আচঁনিৰ গেছ বিতৰণ কৰিব ধৰিছে৷ পঞ্চায়ত নিৰ্বাচনৰ আচৰণবিধি বলবৎ হৈ থকাৰ মাজতে শনিবাৰে ৰহাৰ ৰণথলী পঞ্চায়তত ৰাজহুৱাভাৱে প্ৰধানমন্ত্ৰীৰ উজ্বলা আঁচনিৰ গেছ চিলিণ্ডাৰ বিতৰণকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে৷ উল্লেখ্য যে ৰণ ইণ্ডেন গ্ৰামীণ বিতাৰক(Ran Indane Gramin Vitarak)ৰ নামৰ সংস্থাটোৱে দুখন বাহনত বহুসংখ্যক চিলিণ্ডাৰ লৈ বিতৰণ কৰিব আহিছিল নতুন সংযোগৰ গেছ চিলিণ্ডাৰ আৰু চৌকা ৷ ৰণথলীৰ কটহগুৰি ৰাজহুৱা খেলপথাৰত বিতৰনৰ ব্যৱস্থা কৰা হৈছিল এই নতুন সংযোগৰ চিলিণ্ডাৰ আৰু চৌকা ৷ এই কথা বিয়পি পৰাৰ লগে লগে স্থানীয় একাংশ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু নিৰ্বাচনি আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ তুলি এই বিতৰণ বন্ধ কৰিবলৈ দাবী জনায়। লগতে স্থানীয় একাংশ ৰাইজে আৰু উপভোক্তাসকলক এজেঞ্চীৰ জৰিয়তে বিতৰণ কৰিবলৈ দাবী জনায়৷ পিছত বিতৰক সংস্থাটোৱে ৰাইজৰ দাবীত বিতৰণ বন্ধ কৰিবলৈ বাধ্য হয়৷ ইপিনে একে সময়তে কাষতে পঞ্চায়তৰ গাঁওসভা অনুষ্ঠিত কৰাকলৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ পঞ্চায়ত নিৰ্বাচনৰ বাবে এয়া বিজেপিৰ প্ৰলোভন বুলিও একাংশই অভিযোগ কৰিছে৷ হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image