Hindusthan Samachar
Banner 2 शुक्रवार, नवम्बर 16, 2018 | समय 23:34 Hrs(IST) Sonali Sonali Sonali Singh Bisht

মৰিগাঁৱত আইৰণযুক্ত টেবলেট খাই অসুস্থ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী

By HindusthanSamachar | Publish Date: Nov 10 2018 9:16PM
মৰিগাঁৱত আইৰণযুক্ত টেবলেট খাই অসুস্থ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী
মৰিগাঁও, ১০ নৱেম্বৰ (হি.স.)। মৰিগাঁৱত আইৰণযুক্ত টেবলেট সেৱন কৰি অসুস্থ হৈ পৰিছে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী। লাহৰীঘাটৰ বৰবড়ী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এই ঘটনা। বিদ্যালয়খনত আজি কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত আইৰণযুক্ত টেবলেট বিতৰণ কৰা হৈছিল। টেবলেট সেৱনৰ কিছু সময়ৰ পিছতে অসুস্থ হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল। স্থানীয় লোকৰ সহযোগত অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই সম্পৰ্কে আৰক্ষীয়ে বিদ্যালয় চৌহদত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে আৰু এই ঘটনাক লৈ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। হিন্দুস্থান সমাচাৰ / নাৰায়ণ/মনোজ
image