Hindusthan Samachar
Banner 2 शुक्रवार, नवम्बर 16, 2018 | समय 23:45 Hrs(IST) Sonali Sonali Sonali Singh Bisht

চিলাপথাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড সুবোধ বিশ্বাস আৰু সহযোগী সুভাষ বিশ্বাস বিচাৰি অসমত কলিকতাৰ এছটিএফ

By HindusthanSamachar | Publish Date: Nov 10 2018 9:05PM
চিলাপথাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড সুবোধ বিশ্বাস আৰু সহযোগী সুভাষ বিশ্বাস বিচাৰি অসমত কলিকতাৰ এছটিএফ
ধেমাজি, ১০ নৱেম্বৰ(হি.স.)। অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোছা আৰু শ্বহীদ বেদীত গুৰিয়াই বিতৰ্কৰ সৃষ্টি কৰা বহু চৰ্চিত ধেমাজিৰ চিলাপথাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড সুবোধ বিশ্বাস আৰু তেওঁৰ সহযোগী সুভাষ বিশ্বাস বিচাৰি কলিকতাৰ পৰা আহিছে বিশেষ আৰক্ষী( STF)ৰ এটি দল। কুখ্যাত নিব্বাচ''ৰ সভাপতি সুবোধ লগতে বিস্বস্ত সহযোগী সুভাষ বিশ্বাসক বিচাৰিয়েই অসমত উপস্থিত হৈছে বংগ আৰক্ষীৰ দলটি। উল্লেখ্য যে ২০১৮ বৰ্ষতে অবৈধ অস্ত্ৰ, অচল টকা মজুত ৰখাৰ লগতে বিদেশী লোকক আশ্ৰয় দিয়াৰ অভিযোগ কলিকতা মেট্ৰো পলিটান আদালতত ১২০(বি)/৪৮৯(বি)/৪৮৯(চি) /২৫(বি) (এ)/১৪ বিদেশী নাগৰি আইনৰ ১৪/১৮ নম্বৰ অধীনত পঞ্জীয়ন ভূক্ত হৈ আছে এটি গুৰুত্বপূৰ্ণ গোচৰ। শুকুৰবাৰে গোপন অভিযান চলাই কলকতাৰ এছটিএফ দলে সুভাষক গ্ৰেপ্তাৰ কৰি নিয়ে যদিও সুবোধ অহা ১৫ নৱেম্বৰলৈকে ছুটিত কাটিবলৈ নাগপুৰৰ ঘৰত থকাৰ বাবে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ নহল। উল্লেখ্য যে,কিছুদিনৰ আগতে সুবোধে জামিন লাভ কৰি চিলাপথাৰৰ কদমতলাৰ সম্ভু মণ্ডলৰ ঘৰত আশ্ৰয় লৈ আছে। অসম আৰক্ষীৰ এক বুজন জোৱানৰ সৈতে ভিভিআইপি দৰে কটকটীয়া নিৰাপত্তা বেষ্টনিত জামিন থকা সুবোধক লৈ কিছু সমালোচিত হৈছে আশ্ৰয় দাতা ঘৰৰ গৰাকী। পুনৰবাৰ সুবোধক আশ্ৰয় নিদিয়ে বুলি ঘৰৰ গৰাকীয়ে সদৰি কৰিছে। মাত্ৰ এটা দিনৰ বাবে আশ্ৰয় বিচাৰি ১৮ দিন কটাই যোৱা সুবোধক আশ্ৰয় দিয়াটো দুৰৰ কথা, লাগিলে ঘৰত তলা ওলোমাই আঁতৰি থাকিব বুলি সম্ভু মণ্ডলে সদৰি কৰিছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image