Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 11:06 Hrs(IST) Sonali Sonali Sonali Singh Bisht

বিজেপিক নীতিজ্ঞান দিয়াৰ পূৰ্বে পুত্ৰক সংস্কাৰ শিকাওক চিদাম্বৰমে-বিজেপি

By HindusthanSamachar | Publish Date: Nov 10 2018 9:07PM
বিজেপিক নীতিজ্ঞান দিয়াৰ পূৰ্বে পুত্ৰক সংস্কাৰ শিকাওক চিদাম্বৰমে-বিজেপি
গুৱাহাটী, ১০ নৱেম্বৰ(হি.স.)। প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যোষ্ঠ নেতা পি চিদাম্বৰমে এক সংবাদমেলৰ জৰিয়তে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ পিছত সম্প্ৰতি বিজেপি দলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজিপেয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপিক নীতিজ্ঞান দিয়াৰ পূৰ্বে চিদাম্বৰমে আই এন এক্স মিডিয়া কেলেংকাৰিত অভিযুক্ত পুত্ৰ কীৰ্তি চিদাম্বৰমক সংস্কাৰ শিকোৱাৰহে প্ৰয়োজন। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাই আজি এক সংবাদমেলযোগে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বক্তব্যৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছকো ক্ষুৰধাৰ সমালোচনা কৰে। তেঁও কয় যে শেহতীয়াকৈ অসমত কংগ্ৰেছ(ই) দলে সন্তৰ ভেশেৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগেৰে অসমবাসীক বিভ্ৰান্ত কৰাৰ অপচেষ্টা কৰাটো হাস্যকৰ। বিজেপিয়ে অভিযোগ কৰে যে দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰে উন্নয়ণমুখী যাত্ৰা অব্যাহত ৰখা এইখন চৰকাৰৰ কল্যাণকামী পদক্ষেপত বিতত হৈ কংগ্ৰেছ দলে নেতিবাচক ৰাজনীতিত লিপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে অভিযোগ কৰে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে দুৰ্নীিতি কেলেংকাৰী ভ্ৰষ্টাচাৰৰ নজিৰবিহীন উদাহৰণেৰে অসমৰ সকলো দিশৰ আন্তগাঠনি বিধ্বস্ত কৰি থৈছে। ইফালে কংগ্ৰেছৰ পৰা এতিয়াৰ মিত্ৰযোজৰ চৰকাৰখনে উত্তৰসুৰী হিচাপে লাভ কৰা সমগ্ৰ ভগ্নপ্ৰায় ব্যৱস্থাটো শক্তিশালী কৰাৰ বাবে বৰ্তমানৰ চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।এনে সময়তে বিভিন্ন বিমূৰ্ত আৰু ভিত্তিহীন অভিযোগেৰে জনসাধাৰণক বিভ্ৰান্ত কৰাৰ বাবে কংগ্ৰেছে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ তুলি বিজেপি মুখপাত্ৰগৰাকীয়ে কংগ্ৰেছৰ সময়ত সংঘটিত হোৱা বিভিন্ন বিয়াগোম কেলেংকাৰীৰ কথা উল্লেখ কৰাৰ লগতে বৰ্তমানৰ ৰাজ্য চৰকাৰে এই কেলেংকাৰী, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে বুলি কয়। উদাহৰণ স্বৰূপে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে তথ্য আৰু জনসংযোগৰ কেলেংকাৰী, অসম লোকসেৱা আয়োগত সংঘটিত কেলেংকাৰী, অসম গৃহ নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ কেলেংকাৰী, সমাজকল্যাণ বিভাগৰ দুৰ্নীতি, বিজি বণ্ডেড ৱেৰ হাউচ কেলেংকাৰী, কৃষি বিভাগত সংঘটিত অনিয়ম আদিৰ সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। তেওঁ কয় যে পূৰ্বৰ চৰকাৰৰ আমোলত সংঘটিত কেলেংকাৰি সন্দৰ্ভত বিজেপি নেতৃত্বাধীন চৰৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ এয়া কিয়দাংশহে মাত্ৰ। মনোজ বৰুৱাই লগতে কয় যে নিজ দলৰ সাংসদৰ কন্যাকো গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে দুৰ্নীতিৰ সন্দৰ্ভত চৰকাৰে কোনো আপোচ নকৰে বুলিও তেওঁ স্পষ্টকৈ কয়। একে সময়তে এখন ৰাজ্যৰ জনসাধাৰণৰ সামগ্ৰিক উন্নয়নৰ কাৰণে পঞ্চায়তীৰাজ ব্যৱস্থাৰ গুৰুত্ব অপৰিসীম আৰু এই ব্যৱস্থাৰ জৰিয়তে ক্ষমতাৰ তৃণমূল পৰ্যায়লৈ বিকেন্দ্ৰীকৰণেৰে জনগনক উপকৃত কৰাৰ পৰ্যাপ্ত সুবিধা থাকে বুলিও তেওঁ কয়। কিন্তু বিগত সময়ত কংগ্ৰেছ দলৰৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সলনি সকলো স্তৰতে আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত প্ৰকৃততে দুৰ্নীতিৰহে বিকেন্দ্ৰীকৰণ কৰিলে বুলিও গুৰতৰ অভিযোগ কৰে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image