Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 11:00 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ধুবুৰী জিলা ছট পূজা কমিটিৰ সূলভ মূল্যৰ ছট পূজাৰ সা-সামগ্ৰী বিতৰণ

By HindusthanSamachar | Publish Date: Nov 10 2018 8:58PM
ধুবুৰী জিলা ছট পূজা কমিটিৰ সূলভ মূল্যৰ ছট পূজাৰ সা-সামগ্ৰী বিতৰণ
ধুবুৰী, ১০ নৱেম্বৰ(হি.স.)। প্ৰতি বছৰৰ দৰে এই বেলিও ধুবুৰী জিলা "ছট পূজা" কমিটিৰ পৰা ছট পূজাৰী সকলৰ বাবে বিভিন্ন ধৰণৰ সা-সামগ্ৰী বিতৰণ কৰে। ঘেহু, শুপ, ডালডা, ৰিফাইন তেল আৰু কুলা আদিকে ধৰি বিভিন্ন সামগ্ৰী বজাৰৰ মূল্যতকৈ বহু কম মূলত বিতৰণ কৰে। ঘেহু-৮/ টকা ৪০পইচা, শুপ এটা- ১৮/ টকা, ডালডা- কেজি ৭০/টকাকৈ দিয়ে। কোনোবাই যদি অতি দৰিদ্ৰ পৰিয়ালৰ লোক বিচাৰে তেন্তে সিহঁতক সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হয় বুলি ধুবুৰী ছট পূজা কমিটিয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে ধুবুৰী "ছট পূজা" কমিটিৰ এনে পদক্ষেপক আৰু ধুবুৰী জিলা উপায়ুক্তক সমূহ ৰাইজে এক স্বাগতম জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে। এই ছট পূজা যাতে সূস্থ, সূন্দৰ আৰু শৃংখলা বজাই ৰাখি সম্পূৰ্ণ কৰা হয় তাৰ বাবে ধুবুৰী ছট পূজাৰ সম্পাদক সঞ্জীৱ চক্ৰৱৰ্তীয়ে সকলো ৰাইজক আহব্বান জনাইছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image