Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 07:29 Hrs(IST) Sonali Sonali Sonali Singh Bisht

হাজোত দ্বিতীয় বস্ত্ৰনগৰী গঢ়াৰ পদক্ষেপ

By HindusthanSamachar | Publish Date: Nov 10 2018 8:55PM
হাজোত দ্বিতীয় বস্ত্ৰনগৰী গঢ়াৰ পদক্ষেপ
হাজো, ১০ নৱেম্বৰ(হি.স.)। বস্ত্ৰনগৰী শুৱালকুছিৰ দৰেই হাজো অঞ্চলকো গঢ়ি তোলাৰ প্ৰশংসনীয় এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। হাজোক দ্বিতীয় বস্ত্ৰনগৰী হিচাপে গঢ়ি তোলাত চেষ্টাত ব্ৰতী হৈ পৰিছে হাজোৰ জান্নাত ডেভলপমেন্ট ছচাইটি নামৰ স্বেচ্ছেসেৱী সংস্থাটো। সংস্থাটোৱে হাজোৰ ৯খন গাঁৱৰ ৫০০ টা পৰিযালক লৈ দ্বিতীয় বস্ত্ৰনগৰী গঢ়াৰ চেষ্টা চলাইছে। হাজোৰ চৰাবডী, কোবাৰপুৰ ,বুল্লুট, খোবনীকুছি, কোঠালঘোপা ,মিলপাৰা, তাপাবঢী, গাঁওবুঢা পাম, বঙালপাৰা আদি গাঁও সমূহৰ দুখীযা লোক সকলক লৈ স্বাৱলম্বী হোৱাৰ দিশত উৎসাহ জগাইছে স্বেচ্সংগঠনটোয়ে। শিক্ষিত নিবনুৱা যুৱক সকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে কাপোৰ প্ৰস্তুত কৰাত। পলিষ্টাৰ সুতাৰে নানা ধৰণৰ কাপোৰ তৈযাৰ কৰি প্ৰতিমাহে উপাৰ্জন কৰে ৭০০০হাজাৰ পৰা ৮০০০হাজাৰ টকা। পূৰ্বে কোনো মতে পৰিয়াল চলাই নিয়া এই লোকসকলেও সম্প্ৰতি এই বস্ত্ৰশিল্পখনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে। আনহাতে অসম চৰকাৰ হস্ত তাত হস্ত শিল্প বিভাগৰ পৰা পাট মুগাৰ সুতা ৰেহাই মূল্যত যোগান ধৰাৰ ব্যৱস্থা কৰিলে প্ৰতি মাহে ২০০০০ হাজাৰ পৰা ২৫০০০হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব বুলিও দৃঢ়তাৰে ব্যক্ত কৰিছে বোৱনীসকলে। ঘৰে ঘৰে শাল সাজি বোৱন কাৰ্যত ব্যস্ত হৈ পৰা এইলোকসকলে তেও লোকে তৈযাৰ কৰা কাপোৰ ভাৰতবৰ্ষৰ বাহিৰলৈ নিয়াৰো লক্ষ্য বান্ধি লৈছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image