Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 07:41 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ৰঙিয়াত মুকলি আকাশৰ তলত পাঠদান

By HindusthanSamachar | Publish Date: Nov 10 2018 8:45PM
ৰঙিয়াত মুকলি আকাশৰ তলত পাঠদান
ৰঙিয়া,১০ নৱেম্বৰ(হি.স.)। ৰাজ্য চৰকাৰে বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষানুষ্ঠানসমূহৰ আন্তগাথনি উন্নয়নৰ বাবে পদক্ষেপ লৈছে যদিও এতিয়াও বহু বিদ্যালয়ত মুকলি আকাশৰ তলৰে পাঠদান কৰিবলগীয়া হোৱা ঘটনাই বিদ্যালয় সমূহৰ আন্ত:গাঠনি যে এতিয়াও উন্নত হোৱা নাই তাক পুনৰবাৰ উদঙাই দিছে। ৰঙিয়াৰ বৰকুকুৰীয়াৰ নোনাপাৰ প্ৰাথমিক বিদ্যালয়খনতো আন্ত:গাঠনি উন্নত নোহোৱাৰ বাবে বিদ্যালয় গৃহৰ অভাৱত মুকলি আকাশৰ তলতে পাঠদান কৰিবলগীয়া হৈ আহিছে। উল্লেখ্য যে ১৯৯৭ চনতে স্হাপিত বিদ্যালয় খনৰ আন্ত:গাঠনি আজিও উন্নতি নহ''ল । ইফালে ৭৭ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ দুজন শিক্ষক । এই দুজন শিক্ষকৰে চলিছে ছয়টাকৈ শ্ৰেণী । মাত্ৰ এটা কোঠাত ছয়টাকৈ শ্ৰেণীৰ পাঠদান কৰিব নোৱাৰি মুকলি আকাশৰ তলত চলাব লগা হৈছে পাঠদান । ৰঙিয়াৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয় খনত এম এছ ডি পি আঁচনিৰ অধীনত এটা ঘৰ নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল যদিও ৰহস্য জনক কাৰণত আজিও সম্পূৰ্ণ হৈ নুঠিল । স্হানীয় ৰাইজ তথা অভিভাৱক,ছাত্র-ছাত্ৰীয়ে বিদ্যালয় খনত শিক্ষক নিযুক্তি আৰু বিদ্যালয় গৃহ নিৰ্মাণৰ দাবী জনাইছে । হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image