Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 23:56 Hrs(IST) Sonali Sonali Sonali Singh Bisht

তিনিচুকীয়া জিলাৰ ফিল'বাৰীত মটৰ চাইকেল চুৰি

By HindusthanSamachar | Publish Date: Nov 10 2018 8:34PM
তিনিচুকীয়া জিলাৰ ফিল'বাৰীত মটৰ চাইকেল চুৰি
তিনিচুকীয়া, ১০ নৱেম্বৰ (হি.স.) । তিনিচুকীয়া জিলাৰ ফিল''বাৰীত যোৱা কিছুদিনৰ পৰা চোৰে ধাৰাবাহিকভাৱে মটৰ চাইকেল চুৰি কাৰ্য্য চলাই থকাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাইজ শংকাত ভোগাৰ সময়তে যোৱা নিশা ফিল''বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰূপজান গাৱত ঘৰৰ ভিতৰৰ পৰা মটৰ চাইকেল এখন চুৰি হয়। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । খবৰ অনুসৰি যোৱা নিশা ৰূপজানৰ মনজ্যোতি শইকীয়াৰ ঘৰৰ পৰা এএছ ২৩ এম ০২২৮ নম্বৰৰ হিৰ'' গ্লেমাৰ বাইকখন চোৰে লৈ উধাও হয় । মাত্ৰ পাঁচদিনৰ আগতে ফিল''বাৰী ৰংপুৰ গাঁৱত আন এখন মটৰ চাইকেল চুৰি হোৱাৰ উপৰিও বিগত কেইমাহমানত ফিল''বাৰীত কেইবাখনো বাইক চুৰি হৈছিল। পিছে আৰক্ষীয়ে এনে ধাৰাবাহিক চুৰি কাণ্ডৰ লগত জড়িত কোনো এজন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ বা চুৰি হোৱা মটৰ চাইকেল বিচাৰি উলিয়াব পৰা নাই, যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
image