Hindusthan Samachar
Banner 2 सोमवार, नवम्बर 19, 2018 | समय 00:35 Hrs(IST) Sonali Sonali Sonali Singh Bisht

সামৰনি পৰিল গোৰ্খা সকলোৰ পৰম্পৰাগত উৎসৱ তিহাৰ

By HindusthanSamachar | Publish Date: Nov 10 2018 8:31PM
সামৰনি পৰিল গোৰ্খা সকলোৰ পৰম্পৰাগত উৎসৱ তিহাৰ
গোৱালপাৰা, ১০ নৱেম্বৰ(হি.স.)। সামৰণি পৰিল গোৰ্খা সকলোৰ পৰম্পৰাগত উৎসৱ তিহাৰ ৷ অন্তিম দিনটোত “দেউচেৰি” অনুষ্ঠানেৰে শেষ হয় নেপালী সম্প্ৰদায়ৰ এই উৎসৱৰ৷ উল্লেখ্য যে গোৰ্খা সকলে কাতি মাহৰ কৃষ্ণ পক্ষত ৫ দিনীয়াকৈ পালন কৰে এই উৎসৱ ৷ এই ৫ দিনৰ অন্তিম দিনত “ভাই ফোঁট” আৰু “দেউচেৰি” উদযাপন কৰে৷ এই তিহাৰৰ শেষৰ যি অনুষ্ঠান হৈছে সেয়া হৈছে দেউচেৰি৷ প্ৰথমে ভনী সকলে ককায়েক বা ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে ফোঁট দিয়ে আৰু তাৰ পাছতে সন্ধিয়া গোৰ্খা জনগোষ্ঠীৰ পুৰুষ মহিলা সকলে ঘৰে ঘৰে গৈ গৃহস্থক আশিৰ্বাদ দিয়ে আৰু গৃহস্থইও দান বৰঙণী আগবঢ়ায় ৷ এই দেউচেৰিক লৈ গোৰ্খা জনগোষ্ঠী প্ৰধান অঞ্চল সমুহত এক আনন্দ মুখৰ পৰিৱেশ বিৰাজ কৰিছে ৷ দুধনৈৰ বাখ্ৰাখুটিটো দেউচেৰিক লৈ গোৰ্খা ভাই ভনী সকলোৰ আনন্দৰ সীমা নাই ৷ পৰম্পৰাগত সাজ পাৰ পৰিধান কৰি ঘৰে ঘৰে গৈ দেউচেৰি গীত আৰু নৃত্য কৰি গৃহস্থক আশিৰ্বাদ কৰে৷ শিশুৰ পৰা বৃদ্ধ লৈকে সকলোয়ে এই দেউচেৰি অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা যায়৷ এই দেউচেৰি অনুষ্ঠানৰ পিছতে নেপালী সম্প্ৰদায়ৰ যি তিহাৰ উৎসৱৰ সামৰণি পৰে ৷ হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image