Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 07:11 Hrs(IST) Sonali Sonali Sonali Singh Bisht

অসম বংগ সীমান্তত অপহৃতক উদ্ধাৰ

By HindusthanSamachar | Publish Date: Nov 10 2018 8:21PM
অসম বংগ সীমান্তত অপহৃতক উদ্ধাৰ
কোকৰাঝাৰ, ১০ নৱেম্বৰ (হি.স.) । অসম বংগ সীমান্তৰ বংগৰ বাৰবিশা আৰক্ষীয়ে পাকৰিগুৰিত ৩১ গ ৰাষ্ট্ৰীয় ঘাইপথত থকা তালাচী চকীত তালাচী চলাই চাৰি অপহৰণকাৰীসহ অপহৃত এজনী যুৱতীক উদ্ধাৰ কৰে। নাকা চেকগেটত কৰ্মৰত আৰক্ষীৰ লোকে ডিএল ০৫ চিচি ৮৮৩৮ নম্বৰৰ আই টেন গাড়ীখন ৰখাই তালাচী চলোৱাৰ সময়তে অপহৃত যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীকো আটক কৰে। জানিব পৰামতে, তালাচীৰ সময়ত গাড়ীখনত থকা এগৰাকী যুৱতীয়ে আৰক্ষীক উদ্দেশ্য চিঞৰ বাখৰ আৰম্ভ কৰাত আৰক্ষীৰ সন্দেহ উপজে আৰু আটাই কেইজনক গাড়ীৰ পৰা নমাই শোধ পোছ কৰাত অপহৰণৰ বিষয়ে নিশ্চিত হয়। আৰক্ষীয়ে চাৰি জনীয়া অপহৰণকাৰী দলটোৰ সদস্য ক্ৰমে ৰৌচন আহমেদ(২৫), সমীৰ ছায়েদ(২৬) , দানবীৰ শ্বেখ(২৮) আৰু এগৰাকী মহিলা সদস্য খুশবু চৌধুৰী(২৮)ক আটক কৰে। এই চাৰি অপহৰণকাৰীয়ে যুৱতীগৰাকীক বাংগালোৰৰ পৰা অপহৰণ কৰি অসমৰ শিলচৰ লৈ লৈ যোৱাৰ চেষ্টা চলাইছিল। পিছে সীমান্তত বংগ আৰক্ষীৰ এটি দলে অসম বংগ সীমান্তৰ পাকৰিগুৰিত আটক কৰে। নিৰাপত্তাৰ স্বাৰ্থত বংগ আৰক্ষীয়ে অপহৃত যুৱতী গৰাকীৰ পৰিচয় গোপন ৰাখিছে। অপহৰণকাৰী দলটোৰ তিনিজন যুৱক বাংগালোৰোৰ বাসিন্দা আৰু মহিলা সদস্য গৰাকী শিলচৰৰ বাসিন্দা বুলি বংগ আৰক্ষী সূত্ৰই জানিবলৈ দিছে। হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
image