Hindusthan Samachar
Banner 2 शुक्रवार, नवम्बर 16, 2018 | समय 23:31 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ঠিকাদাৰৰ অৱহেলাৰ বাবেই নৰক যাতনা সৰ্বসাধাৰণৰ

By HindusthanSamachar | Publish Date: Nov 10 2018 8:27PM
ঠিকাদাৰৰ অৱহেলাৰ বাবেই নৰক যাতনা সৰ্বসাধাৰণৰ
কোকৰাঝাৰ, ১০ নৱেম্বৰ (হি.স.) । কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ভাওৰাগুৰী মোনাকোষা গড়কপ্তানি পথত থকা লক্সা নৈৰ ওপৰৰ কাঠৰ দলংখন ভাঙি পকীকৰণৰ কাম আৰম্ভ কৰিছে যদিও ঠিকাদাৰ জনে পথচাৰী সকলৰ যাতায়তৰ বাবে নিৰ্মান কৰা নাই উপপথ। ফলত অসুবিধাত পৰিছে যাতায়তকাৰীসকল। পূৰ্বে উপপথ নিৰ্মানৰ বাবে এবিএমছুৰ চিথিলা আঞ্চলিক সমিতিয়ে কোকৰাঝাৰ জিলা উপায়ুক্তলৈ জনোৱা আবেদনৰ পিছতে উপ পথ নিৰ্মান কৰিছিল যদিও বানপানীয়ে উঠুৱাই নিয়াৰ পিছত পুনৰায় নিৰ্মান কৰা নাই। আনহাতেপ কিছুদিন আগতে ফকিৰাগ্ৰাম ব্লক বিপিএফৰ সভাপতি দিলদাৰ আলীয়ে স্থানীয় ৰাইজক লগত লৈ মানুহ চলাচল কৰিবৰ বাবে কিছু সুবিধা কৰি দিছিল । কিন্তু পকীকৰণৰ কাম আৰম্ভ কৰা ঠিকাদাৰ জনে কোনো উপপথ নিৰ্মান কৰি নিদিয়াত ক্ষোভিত হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰী সকল । হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
image