Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 23:53 Hrs(IST) Sonali Sonali Sonali Singh Bisht

পৰ্বতঝোৰাৰ খুটাবাগৰা ঈদগাহ ময়দানৰ সভাপতি আব্দুল মান্নান মিঞাৰ মৃত্যু

By HindusthanSamachar | Publish Date: Nov 10 2018 8:13PM
পৰ্বতঝোৰাৰ খুটাবাগৰা ঈদগাহ ময়দানৰ সভাপতি আব্দুল মান্নান মিঞাৰ মৃত্যু
ধুবুৰী, ১০ নৱেম্বৰ(হি.স.)। ধুবুৰী জিলাৰ পৰ্বতঝোৰাৰ খুটাবাগৰা ঈদগাহ ময়দানৰ সভাপতি আব্দুল মান্নান মিঞাৰ মৃত্যুত অঞ্চলটোত এক শোকৰ ছাঁ বিৰাজ কৰিছে। গৌৰীপুৰৰ বি টি এ ডিৰ কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা গাঁৱৰ স্থায়ী বাসিন্দা আব্দুল আজিজ মিঞাৰ পুত্র আব্দুল মান্নান মিঞাৰ প্ৰেচাৰ ষ্টোক হৈ গুৱাহাটী জি এন আৰ চিত যোৱা নিশা আনুমানিক ১০-৩০ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে। আজি আব্দুল মান্নান মিঞাৰ খুটাবাগৰা গাঁৱৰ কৱৰস্থানত জানাজা সম্পন্ন কৰা হয়। সৰবৰহী আব্দুল মান্নান মিঞাৰ জানাজাত প্ৰায় ১৫০০ ৰাইজৰ সমাগম ঘটে। মৃত্যুৰ সময়ত পত্নীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ লগতে বহুতো আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image