Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 06:47 Hrs(IST) Sonali Sonali Sonali Singh Bisht

নগাঁৱৰ কঠিয়াতলীত দপদপকৈ জ্বলিল টেম্পো

By HindusthanSamachar | Publish Date: Nov 10 2018 8:09PM
নগাঁৱৰ কঠিয়াতলীত দপদপকৈ জ্বলিল  টেম্পো
নগাঁও,১০ নৱেম্বৰ(হি.স.)। নগাঁও জিলাৰ কঠিয়াতলীত যোৱা নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । নিশা টেম্পো ষ্টেণ্ডত ৰখাই থোৱা অৱস্থাত দপদপকৈ জ্বলি ভস্মিভুত হয় এখন টেম্পো। টেম্পো খন কামপুৰ তেলীয়াঅাটিৰ নিপন বৰাৰ বুলি জানিব পৰা গৈছে। ইফালে স্থানীয় ৰাইজে জুই নুমুৱাবলৈ যত্ন কৰে যদিও জুইত সম্পূৰ্ণ ৰূপে জাহ যায় টেম্পো খন। আনহাচে কথমপি ৰক্ষা পৰে ষ্টেণ্ডত ৰখাই থোৱা অান ৬ খন টেম্পো। কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ''ল সেইয়া পোহৰলৈ অহা নাই যদিও কোনো দুৰ্বৃত্তই টেম্পো খন জ্বলাই দিয়া বুলি সন্দেহ কৰিছে ৰাইজে। ৰাইজে জুই নুমোৱাৰ বহু পাছতহে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় ।অাৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image