Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 10:59 Hrs(IST) Sonali Sonali Sonali Singh Bisht

গোলকগঞ্জৰ আগমনিত বিদ্যুৎপৃষ্ট হৈ যুৱকৰ মৃত্যু

By HindusthanSamachar | Publish Date: Nov 10 2018 8:05PM
গোলকগঞ্জৰ আগমনিত বিদ্যুৎপৃষ্ট  হৈ যুৱকৰ মৃত্যু
ধুবুৰী,১০ নৱেম্বৰ(হি.স.)। ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগমনিত বিদ্যুৎপৃষ্ট হৈ সৌৰভ মদক ওৰফে বিট্টু ৰায় নামৰ যুৱক এজনৰ মৃত্যু হয়। আগমনি থানাৰ কালডোৱা দ্বিতীয় খণ্ড গাঁৱত শুকুৰবাৰে সংঘটিত হয় এই শোকাৱহ ঘটনা। জানিব পৰামতে কালি এজন ব্যাক্তিয়ে ঘৰৰ নাৰিকল গছৰ ঢকুৱা কাটি দিয়াত বৈদ্যুতিক তাঁৰৰ ওপৰত পৰে। ফলত তাঁৰডাল ছিঙি মাটিত পৰে। সেই সময়তে কালী প্ৰতিমা বিসৰ্জন দিবলৈ যাওঁতে মাটিৰ ওপৰত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি সৌৰভ মোদক ওৰফে বিট্টু নামৰ যুৱক জন বিদ্যুৎপিষ্ট হয় । পিছত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত নিয়া হয় যদিও পথতে যুৱক জনৰ মৃত্যু হয় । হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image