Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 11:59 Hrs(IST) Sonali Sonali Sonali Singh Bisht

গোৱালপাৰাৰ ৰংজুলিত পথ দুৰ্ঘটনা-এজন নিহত

By HindusthanSamachar | Publish Date: Nov 10 2018 8:00PM
গোৱালপাৰাৰ ৰংজুলিত পথ দুৰ্ঘটনা-এজন নিহত
গোৱালপাৰা, ১০ নৱেম্বৰ(হি.স.)। গোৱালপাৰাৰ দুধনৈত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। দুধনৈৰ ৰংজুলিত সংঘটিত হৈছে এই দুৰ্ঘটনা। জানিব পৰা অনুসৰি দুধনৈৰ ৰংজুলিত এএছ ০১ কেচি ০৫২৮ নম্বৰৰ এখন পিক আপ ভানে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। নগৰবেৰাৰ পৰা দুধনৈ অভিমুখে শাক-পাচলি বজাৰলৈ লৈ গৈ থাকোতে ৰংজুলিৰ পৰিদৰ্শন বঙলাৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় বাহন খন৷ এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় এজন শাক-পাচলিৰ ব্যৱসায়ীয়ে। আনহাতে এই দুৰ্ঘটনাত আন ৭ জন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰি স্থানীয় লোকসকল দুৰ্ঘটনাস্থীলৈ লউৰি আহে আৰু উদ্ধাৰ কাৰ্য্যত নামি পৰে। পিছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আহত লোকসকলক স্থানীয় লোকৰ সহযোগত চিকিতসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহত লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। নিহত ব্যৱসায়ীজন নগৰবেৰাৰ ৰঙ্গেশ্বৰিৰ আজগৰ আলী বুলি চিনাক্ত কৰা হৈছে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image