Hindusthan Samachar
Banner 2 रविवार, नवम्बर 18, 2018 | समय 11:05 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ধিং সাৰ্বজনীন পূজাবাড়ী আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সোণালী জয়ন্তী

By HindusthanSamachar | Publish Date: Nov 10 2018 7:50PM
ধিং সাৰ্বজনীন পূজাবাড়ী আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সোণালী জয়ন্তী
নগাঁও,১০নৱেম্বৰ(হি.স.)। ভাতৃত্ববোধৰ বাণী আৰু সম্প্ৰীতিৰ চানেকি বহন কৰি আজি শনিবাৰৰ পৰা আৰম্ভ হয় ধিং সাৰ্বজনীন পূজাবাড়ী আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ বৰ্ণাঢ্য কাৰ্যসূচী। এই উপলক্ষে আজি শনিবাৰে পুৱাই ধিং সাৰ্বজনীন পূজাবাড়ী প্ৰাঙ্গণৰ পৰা উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্রা। বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই বেলুন উৰুৱাই সাংস্কৃতিক শোভাযাত্রাৰ শুভাৰম্ভ কৰে। লগতে পূজাবাড়ী প্ৰাঙ্গণত বিধায়িকাগৰাকীয়ে ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি " মানুহে মানুহৰ বাবে " গীতটি পৰিবেশন কৰে। এই সাংস্কৃতিক শোভাযাত্রাত জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰে। ভিন ভিন জাতি-জনগোষ্ঠী, বৰ্ণ-ভাষাৰ লোকসকলৰ অংশগ্ৰহণেৰে আজিৰে পৰা আৰম্ভ হোৱা এই সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল যে এতিয়াও বৰ্তি আছে তাৰেই বাৰ্তা প্ৰেৰণ কৰিলে। উল্লেখ্য যে আজিৰ এই বিশাল সাংস্কৃতিক শোভাযাত্রাত বৰ্ণিল হৈ পৰে ধিং চহৰৰ ৰাজপথ । এক উখল মাখল পৰিবেশে বিৰাজ কৰে সমগ্র ধিঙত । হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image