Hindusthan Samachar
Banner 2 शनिवार, नवम्बर 17, 2018 | समय 00:08 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ডিব্ৰুগড়ত আছুৰ সকীয়নি বিক্ষোভ

By HindusthanSamachar | Publish Date: Nov 10 2018 7:39PM
ডিব্ৰুগড়ত আছুৰ সকীয়নি বিক্ষোভ
ডিব্ৰুগড়, ১০ নৱেম্বৰ(হি.স.)। বহুচৰ্চিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি শনিবাৰে ৰাজ্যৰ অন্যান্য স্থানৰ দৰে ডিব্ৰুগড়তো আছুৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থা উদ্যোগত আৰু ২৮ টা জনগোষ্ঠীৰ সহযোগত আজি সকীয়নি বিক্ষোভ নামেৰে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। আছুৰ শ্বহীদ ন্যাস ভৱনৰ পৰা প্ৰথমে এক প্ৰতিবাদী যাত্ৰা কৰি প্ৰতিবাদকাৰী সকলে চহৰৰ থানা চাৰীয়ালিত সমবেত হয় আৰু তাত এক সভা অনুষ্ঠিত কৰে। সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দই ভাষণ প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ তীব্ৰ বিৰোধিতা কৰে। এই কাৰ্যসূচীত প্ৰায় চাৰি সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আৰু নাগৰিকে অংশ গ্ৰহণ কৰে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image