Hindusthan Samachar
Banner 2 सोमवार, नवम्बर 19, 2018 | समय 01:04 Hrs(IST) Sonali Sonali Sonali Singh Bisht

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতক মৃত্যুৰ তদন্ত

By HindusthanSamachar | Publish Date: Nov 10 2018 7:35PM
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতক মৃত্যুৰ তদন্ত
যোৰহাট, ১০ নৱেম্বৰ(হি.স.)। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতক মৃত্যু ঘটনাৰ ঘটনাত তদন্তৰ অৰ্থে আজি শনিবাৰে চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হয় এটি তদন্তকাৰী দল। মাথোঁ ছটা দিনত মৃত্যুক সাৱটি লোৱা ২০ টাকৈ নৱজাতকৰ ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ পিছত বিয়াগোম স্বাস্থ্য বিভাগত সংঘটিত এই ঘটনাৰ তদন্ত কৰিবলৈ শনিবাৰে চিকিৎসালয়খনত উপস্থিত হয় তদন্তকাৰী গোটটো। জানিব পৰামতে, ডাইৰেক্টৰ অৱ মেডিকেল এডুকেচনৰ অনুপ বৰ্মনৰ নেতৃত্বত ইউনিচেফ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসুতি বিভাগৰ মুৰব্বী চিকিৎসকৰ নেতৃত্বত তদন্তকাৰী দলটোৱে নৱজাতকৰ মৃত্যুৰ ঘটনাৰ পুংখানুপুংখ অধ্যায়ন কৰে। একেদৰে তদন্তত ওলাইছে কেতবোৰ বিষ্ফোৰক তথ্য ওলোৱা বুলিও জানিব পৰা গৈছে। আনহাতে সাংবাদিকৰ আগত দলটোৱে এই ঘটনা অস্বাভাৱিক নহয় বুলি মন্তব্য কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰসূতি পঠিয়াই যদিও গৰ্ভকালীন অৱস্থাত প্ৰসূতিয়ে উপযুক্ত চিকিৎসা লাভ নকৰাৰ ফলতেই এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে। একেদৰে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰসূতি আৰু শিশু বিভাগৰ আন্তঃগাথনি সুন্দৰ বুলি কৈ চৰকাৰী নিৰিখ অনুসৰি যিমান বিচনা থাকিব লাগে তাতকৈ বেছিহে আছে বুলি মন্তব্য কৰে। তদন্তকাৰী গোটে অৱগত কৰা অনুসৰি ছটা দিনত মৃত্যু হোৱা নৱজাতক কেইটিৰ জন্মৰ সময়ত ওজন আছিল ৫০০ ৰ পৰা ৮০০ গ্ৰাম। আনহাতে যোৰহাট জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে এই ঘটনাৰ তদন্ত কৰিবলৈ যোৱা যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতক মৃত্যু ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষই তেঁও জনোৱা নাছিল বুলি বিষ্ফোৰক ভাষ্য প্ৰদান কৰে। প্ৰতিটো শিশুৰ জন্ম অথবা মৃত্যুৰ সম্পৰ্কে নিয়ম অনুসৰি জিলাৰ স্বাস্থ্য সঞ্চালক কায্যালয়ক জনাব লাগে। কিন্তু ২০ টাকৈ ধাৰাবাহিক ভাৱে শিশু মৃত্যুৰ ঘটনাৰ সম্পৰ্কে কোনো ধৰণৰ লিখিত তথ্য দিয়া নাছিল যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকী। ইফালে ইয়াৰ আঁৰত সমগ্ৰ বিষয়টো মহাবিদ্যালয় কৰ্তৃপক্ষই গাপ দিয়াৰ চেষ্টা কৰিছিল নেকি বুলিও প্ৰশ্ন উঠিছে । নিশ্চিতভাৱে তদন্তত ওলাই পৰিব যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতক মৃত্যুৰ প্ৰকৃত কাহিনী। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image