Hindusthan Samachar
Banner 2 बुधवार, दिसम्बर 12, 2018 | समय 14:46 Hrs(IST) Sonali Sonali Sonali Singh Bisht

টীয়ক উপ ডাকঘৰত কৰ্মচাৰীৰ অভাৱৰ অভিযোগ

By HindusthanSamachar | Publish Date: Oct 13 2018 11:38PM
টীয়ক উপ ডাকঘৰত কৰ্মচাৰীৰ অভাৱৰ অভিযোগ
যোৰহাট, ১৩ অক্টোবৰ(হিন্দুস্থান সমাচাৰযোৰহাট জিলাৰ টীয়ক নগৰ স্থিত টীয়ক উপ ডাকঘৰত দীৰ্ঘদিন ধৰি পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱত গ্ৰাহক সকলে ব্যাপক দুৰ্ভোগ ভূগিব লগাৰ অভিযোগ উঠিছে ৷ প্ৰধানত: গ্ৰাহকসকলে নতুন একাউণ্ট খোলাৰ পিচত সময় মতে পাছবুক লাভ কৰাত অসুবিধাৰ সন্মূখিন হৈছে বুলি জানিব পৰা গৈছে ৷ এইক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষই উপযুক্ত ব্যৱস্থা নোলোৱাৰ বাবেই এনে হৈছে বুলি গ্ৰাহক সকলে অভিযোগ দিছে৷ এই ক্ষেত্ৰত গ্ৰাহক সকলৰ লগতে ডাকঘৰৰ অভিকৰ্তা সকলো বিপাঙত পৰিছে৷ গ্ৰাহক সকলে অভিকৰ্তা সকলৰ ওচৰত পাছ বুক নথকাকৈ একাউণ্ট খুলিবলৈ প্ৰস্তুত নহয় ৷ উল্লেখ্য যে এজন পোষ্টমাষ্টৰ আৰু এজন মাত্ৰ ডাক সহায়েকেৰে কাম চলাব লগা হোৱাত টীয়ক উপ ডাকঘৰত পূৰ্বৰ দুটা কাউণ্টাৰৰ সলনি এতিয়া এটা কাউণ্টাৰতে সকলো বিত্তীয় লেনদেন কৰিব লগা হোৱাত সাধাৰণ কামৰ বাবেই গ্ৰাহক সকল দীৰ্ঘ সময় অপেক্ষা কৰিব লগীয়া হয় l টীয়ক উপ ডাকঘৰৰ সমস্যা সমূহ উৰ্ধতম কতৃপক্ষই গুৰুত্ব সহকাৰে বিচাৰ কৰি অতিশীঘ্ৰে কৰ্মচাৰী নিযুক্তিৰ দাবী জনাইছে সাধাৰণ জনতা আৰু অভিকৰ্তা সকলে। হিন্দুস্থান সমাচাৰ/ নিৰ্মলেন্দু/মনোজ
image